বানবিধ্বস্ত মাহমৰা অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে উজনি অসমৰ বান পৰিস্থিতি বুজ ল’বলৈ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ হলৌফুকন গাঁও পঞ্চায়তৰ অন্তৰ্গত চুমনী গাঁও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ এছডিআৰএফৰ নাৱত উঠি বানৰ ভয়াবহতাৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে বান পৰিদৰ্শন কৰি চুমনী গাঁৱৰ প্ৰেক্ষাগৃহত উপস্থিত হৈ বানত ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰি বানৰ ক্ষয়-ক্ষতি বুজ লয় । বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈ মাহমৰাত অসুস্থ এটি শিশুক কোলাত তুলি চিকিৎসাৰ আশ্বাস দিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। উল্লেখ্য যে বানে ধ্বংসলীলা চলোৱা উজনিৰ কেইবাশ অঞ্চলৰ লগতে মাহমৰা অঞ্চলতো প্রলয়ংকৰী বানে বিধ্বস্ত কৰি গৈছে বহু পৰিয়ালক। মুখ্যমন্ত্রী ড° শর্মাই এই বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ যাওঁতে মাহমৰাত এটি কণমানি শিশুক লগ পায়। অসুস্থ শিশুটিক কোলাত তুলি মুখ্যমন্ত্রীয়ে তৎক্ষণাত উন্নত চিকিৎসাৰ বাবে নির্দেশনা প্রদান কৰে। সামাজিক মাধ্যমযোগে এই সন্দর্ভত মুখ্যমন্ত্রীয়ে উল্লেখ কৰিছে- মাহমৰালৈ যাওঁতে এটি কণমানিক লগ পাইছিলোঁ। জন্মগত হৃদৰোগত আক্রান্ত বুলি জানিবলৈ পাই তাৎক্ষণিকভাবে উন্নত চিকিৎসাৰ বাবে সু-ব্যৱস্থাৰ বাবে নির্দেশনা প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে দেশৰ শীৰ্ষস্থানীয় চিকিৎসালয়ত যাতে শিশুটিয়ে সর্বোত্তম চিকিৎসা লাভ কৰে, সেই দিশত সকলো ধৰণৰ প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ’ব। উল্লেখ্য যে শিশুটিক কোলাত লৈ মুখ্যমন্ত্রী ড° শর্মাই স্থানীয় বিধায়ক ময়ূৰ বুঢ়াগোহাঁইক পৰিয়ালৰ সৈতে যোগাযোগ কৰি বেংগালুৰুত শিশুটিৰ হৃদৰোগৰ অস্ত্রোপচাৰ কৰাৰ সকলো ব্যৱস্থা কৰি দিয়াৰ বাবে দায়িত্ব অর্পণ কৰে। মুখ্যমন্ত্ৰীয়ে পৰিয়ালটোক আশ্বাস দিয়ে যে অচিৰেই তেওঁলোকৰ সৈতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগাযোগ হ’ব আৰু শিশুটিক বেংগালুৰুলৈ নি অস্ত্রোপচাৰ কৰা হ’ব। বানপীড়িত এলেকাত মুখ্যমন্ত্রীয়ে তাৎক্ষণিকভাৱে গ্রহণ কৰা এনে সিদ্ধান্তই সকলোকে উৎসাহিত কৰিছে।
