ডিব্ৰুগড়ৰ অৱসৰী কৃতী শিক্ষক তথা সমাজকৰ্মী মইনুদ্দিন আহমেদ পৰলোক

ডিব্ৰুগড়ৰ অৱসৰী কৃতী শিক্ষক তথা সমাজকৰ্মী মইনুদ্দিন আহমেদ পৰলোক

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ লালুকাগাওঁ নিবাসী,  অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা সমাজকৰ্মী মইনুদ্দিন আহমেদ বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত ৮৩ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। শিক্ষকতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা প্ৰয়াত আহমেদেে তেওঁৰ কৰ্ম জীৱনত ডিব্ৰুগড়ৰ  ৬ নং আমোলাপট্টি নিম্ন প্ৰাথমিক বিদ্যালয় , লালুকা গাওঁ প্ৰাথমিক বিদ্যালয়,মিলন নগৰ প্ৰাথমিক বিদ্যালয় আদিত  শিক্ষকতা কৰি বহু ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ  কৰাত বিশেষ বৰঙনি আছিল। ১৯৪৩ চনত ডিব্ৰুগড়ৰ লালুকাত জন্ম গ্ৰহণ কৰা আহমেদে ২০০০ লা গাওঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত পত্নী মঞ্জুৱাৰা বেগম,দুই পুত্ৰ, জীয়ৰীৰ লগতে অনেক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়। কালি লালুকা গাওঁৰ কৱৰস্থানত ভালে সংখ্যক লোকৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয়।