ডিব্ৰুগড়ৰ লাহোৱালত হোৱা গুলীচালনাৰ অভিযুক্ত দিব্যজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য কঁপাই যোৱা দুলীয়াজানৰ ডিম্পী নেওগ হত্যাকাণ্ডৰ মূল অভিযুক্ত দিব্যজ্যোতি বৰুৱাই সংঘটিত কৰিলে আন এক লোমহৰ্ষক কাণ্ড। ২১ জুলাইৰ নিশা লাহোৱালৰ ঘোঁৰামৰা তিনিআলিত দিব্যজ্যোতিয়ে সংঘটিত কৰিছিল এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। এই গোচৰতে আৰক্ষীয়ে মূল অভিযুক্ত দিব্যজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনাৰ বিবৰণী অনুসৰি, বিলাহী বাহনত দিব্যজ্যোতি বৰুৱাৰ নেতৃত্বত অহা এটা দলে চাবুৱাৰ ৰংচঙী কপহুৱা গাঁৱৰ ৰণ্টু গগৈ, দ্বীপজ্যোতি গগৈ আৰু মিথু গগৈ নামৰ তিনিজন যুৱকক একেখন দুচকীয়া বাহনত ডিব্ৰুগড় অভিমুখে গৈ থকা অৱস্থাত ঘোঁৰামৰা পথত আগুচি ধৰে। দিব্যজ্যোতিয়ে দুচকীয়া বাহনত যাত্ৰা কৰি থকা যুৱককেইজনক লক্ষ্য কৰি আক্ৰমণ চলায়। তেওঁ ৰণ্টুক ভৰিত গুলীয়াই আঘাত কৰাৰ লগতে দ্বীপজ্যোতি আৰু মিথুক গাড়ীৰে মহতিয়াই থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইফালে গুৰুতৰভাৱে আহত হোৱা দ্বীপজ্যোতিক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ২৪ জুলাইত তেওঁ মৃত্যুক আকোৱালি লয়। উল্লেখনীয় যে, ২০১৭ চনত ৰাজ্য কঁপোৱা ডিম্পী নেওগ হত্যাকাণ্ডৰো অন্যতম অভিযুক্ত আছিল এই দিব্যজ্যোতি। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে এক সংবাদমেল সম্বোধন কৰি গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। আৰক্ষীয়ে জনোৱা মতে, ২২ জুলাইৰ নিশা প্ৰায় ১.৩০ তিনি যুৱক দিব্যজ্যোতি গগৈ, ৰণ্টু গগৈ আৰু মিথু গগৈ মটৰ চাইকেলেৰে ডিব্ৰুগড়ৰ ফালে গৈ থকা অৱস্থাত পথ দূৰ্ঘটনা হৈ আহত হৈছিল। কিন্তু তাৰ পিছৰ দিনা আৰক্ষীয়ে খবৰ পায় যে এজন যুৱকৰ গাত গুলীবিদ্ধ হৈছে। পৰৱৰ্তী সময়ত অধিক তদন্ত চলাই আৰক্ষীয়ে গম পায় যে ২২ জুলাইৰ নিশা দিব্যজ্যোতি বৰুৱা ওৰফে দিজু নামৰ ব্যক্তিজনে ৰণ্টু গগৈৰ ওপৰত গুলীচালনা কৰিছিল। এই সন্দৰ্ভত আৰক্ষীয়ে লাহোৱাল আৰক্ষী থানাত ৩২/২০২৬ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬১(২)/১০৬(১)/১১৮(২)/১০৯১/৩৫ আৰু আৰ্মছ এক্টৰ অন্তৰ্ভুক্ত কৰা হৈছে। আৰক্ষীয়ে মূল অভিযুক্ত দিব্যজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি প্ৰাথমিক জেৰা অব্যাহত ৰাখিছে আৰু আদালতলৈ প্ৰেৰণ কৰিছে। আদালতৰ পৰা জিন্মাত পোৱাৰ পিছত এই কাণ্ডত আৰু কোন কোন লোক জড়িত আছে সেই বিষয়ে অধিক তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰে। আৰক্ষীৰ সংবাদমেলত উত্থাপন হোৱা আন এক গুৰুত্বপূৰ্ণ প্ৰসংগ হ’ল যে, প্ৰায় আঠ বছৰ পূৰ্বে ডিম্বেশ্বৰ গগৈৰ নামৰ এগৰাকী নাৰীৰ হত্যাকাণ্ডত জড়িত থকা আৰু তাৰ পিছত পলাই ফুৰা দিব্যজ্যোতি বৰুৱাৰ হাতলৈ পুনৰ পিষ্টলটো কেনেদৰে আহিল? ২০১৭ চনৰ পুৰণি দুটাকৈ গোচৰ থকা এই লোকজনৰ বৰ্তমানৰ গুলী চলোৱা কাণ্ডত ব্যৱহৃত পিষ্টলটো এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে জনোৱা মতে, প্ৰাথমিক তদন্তৰ স্তৰত থকা এই ঘটনাত ব্যৱহৃত পিষ্টলটো উদ্ধাৰ হোৱাৰ পিছতহে সেয়া বৈধ নে অবৈধ সেই কথা নিশ্চিত কৰিব পৰা যাব। ইয়াৰোপৰি, যোৱা বছৰৰ ঘটনাৰ সময়ত বুঢ়ীদিহিং নদীত পেলাই দিয়া বুলি কৈ আৰক্ষীক বিপথে পৰিচালিত কৰা আৰু অন্যান্য বিষয়সমূহৰ সত্যতা নিৰূপণৰ বাবেও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। ঘটনাস্থলীত বা নিশা সেই পৰিস্থিতিত অভিযুক্তৰ সহযোগীকৈ আন কোনো ব্যক্তি জড়িত আছিল নেকি, সেই সন্দৰ্ভত প্ৰশ্ন কৰাত আৰক্ষীয়ে কয় যে তদন্ত প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু তদন্তৰ জৰিয়তে যিকেইজনৰ নাম পোহৰলৈ আহিব, সেই সকলোকেই গ্ৰেপ্তাৰ কৰা হ’ব।
