ডিব্ৰুগড়ত উপস্থিত ৬৪ হাজাৰ কিলো মিটাৰ অতিক্ৰম কৰা সৰ্বভাৰতীয় চাইক্লিষ্ট আশা মালভীয়া: উপায়ুক্ত-আৰক্ষী অধীক্ষকক সাক্ষাৎ
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- মহিলা সৱলীকৰণ, দেশপ্ৰেম আৰু অদম্য সাহসৰ বাৰ্তা প্ৰচাৰৰ লক্ষ্যৰে এক সৰ্বভাৰতীয় চাইক্লিং যাত্ৰা অব্যাহত ৰখা মধ্যপ্ৰদেশৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইক্লিষ্ট, খেলুৱৈ তথা পৰ্বতাৰোহী আশা মালভীয়া ডিব্ৰুগড়ত উপস্থিত হয়। যোৱা ১১ জানুৱাৰী তাৰিখে ৭৮ সংখ্যক ভাৰতীয় সেনা দিৱসৰ পবিত্ৰ দিনটোত ৰাজস্থানৰ জয়পুৰৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ মূল লক্ষ্য হৈছে- ভাৰতৰ পশ্চিম প্ৰান্তৰ পৰা অৰুণাচল প্ৰদেশৰ কিবিথু—অৰ্থাৎ দেশৰ আটাইতকৈ পূব প্ৰান্তলৈকে প্ৰায় ৭,৮০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা। বৰ্তমান নিজৰ যাত্ৰাৰ অন্তিম পৰ্যায়ত উপনীত হোৱা আশা মালভীয়াৰ এই দুঃসাহসিক অভিযান কিবিথুত সামৰণি পৰিব। বৰ্তমানলৈকে তেওঁ সফলভাৱে ৮,১২০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে। ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, ছিকিম, অসম আৰু অৰুণাচল প্ৰদেশৰ মাজেৰে অতিবাহিত হোৱা এই অভিযানে বিশেষকৈ মহিলা আৰু যুৱ প্ৰজন্মক নিজৰ সপোন পূৰণৰ বাবে দৃঢ়তাৰে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰাৰ লগতে দেশজুৰি জাতীয় ঐক্য আৰু সেৱাৰ ভাৱনা জাগ্ৰত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ডিব্ৰুগড় ভ্ৰমণৰ সময়ত আশা মালভীয়াই জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপক সাক্ষাৎ কৰি তেওঁৰ এই দেশজোৰা অভিযানৰ উদ্দেশ্য সমূহৰ বিষয়ে অৱগত কৰে। ডিব্ৰুগড় জিলা প্ৰশাসনে তেওঁৰ এই প্ৰশংসনীয় প্ৰচেষ্টাক আন্তৰিক সমৰ্থন আগবঢ়ায় আৰু যাত্ৰাৰ বাকী থকা অংশৰ সফলতাৰ বাবে শুভকামনা জ্ঞাপন কৰে। এই অভিযানৰ বিষয়ে আলোকপাত কৰি আশা মালভীয়াই কয় যে — “এই যাত্ৰা সমগ্ৰ দেশত মহিলা সৱলীকৰণ, দেশপ্ৰেম আৰু অদম্য মনোবলৰ বাৰ্তা বিয়পোৱাৰ বাবে উৎসৰ্গিত”- লগতে তেওঁ অৱগত কৰে যে এই বৰ্ষটোত বিভিন্ন অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় ৬৪,০০০ কিলোমিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰিছে, যি দুঃসাহসিক ক্ৰীড়াৰ মাধ্যমেৰে সামাজিক সজাগতা সৃষ্টি কৰিছে।
