নগাঁও আদালতৰ ৰায়
শংকৰ ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড
নগাঁও ,ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁৱৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ বংকিম শৰ্মাৰ আদালতে আজি এক ৰায় যোগে এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে।জানিব পৰামতে ২০২১ চনৰ ৩০ আগষ্টত হয়বৰগাঁৱৰ শংকৰ ৰায় আৰু তেওঁৰ পত্নী জ্যোৎস্না বণিকৰ মাজত পুৱাৰ ভাগত কাজিয়াৰ সুত্ৰপাত হয়। কাজিয়াৰ সময়ত শংকৰে এটা কাঠৰ টুকুৰাৰে নিজৰ পত্নীক আঘাত কৰি গুৰুতৰ ভাবে আহত কৰে।লগে লগে তেওঁক নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে।কিন্ত্ত গুৱাহাটীলৈ নিয়াৰ পথত মহিলা গৰাকীৰ মৃত্যু হয়। এই সন্দৰ্ভত মহিলা গৰাকীৰ আত্মীয় হৰেকৃষ্ণ বণিকে নগাঁও হয়বৰগাঁও আৰক্ষী চকীত সেইদিনাই এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৬/৩০২ ধাৰাৰ অধীনত ২০৪১/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰে। গোচৰটোৰ তদন্ত আগবঢ়াই নি ৩১ ডিচেম্বৰ ২০২১ ত আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰে। এই অভিযোগনামাৰ ভিত্তিত নগাঁৱৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে অভিযুক্ত শংকৰ ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ১০ হাজাৰ টকা জৰিমণা বিহে। জৰিমণা অনাদায়ে অতিৰিক্ত ছয় মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।
