তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ গৌৰৱোজ্জ্বল সাফল্য
তেজপুৰ বিশ্ববিদ্যালয়
তেজপুৰ বিশ্ববিদ্যালয় কেৱল এখন উচ্চ শিক্ষানুষ্ঠানেই নহয়, ই অসংখ্য ছাত্ৰ-ছাত্ৰীৰ সপোন, আশা আৰু আবেগৰ প্ৰতীক। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পূব ভাৰতৰ বহু শিক্ষাৰ্থীৰ বাবে এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ সপোন থাকে। শিক্ষাৰ মান, গৱেষণা আৰু সহ-পাঠ্যক্ৰমীয় কাৰ্যসূচীৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ে এক বিশেষ পৰিচয় গঢ়ি তুলিছে।

এই গৌৰৱময় যাত্ৰাত বিশ্ববিদ্যালয়খনৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগেও এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। ইণ্ডিয়া টুডে শ্ৰেষ্ঠ মহাবিদ্যালয় ৰেংকিং ২০২৬ অনুসৰি, তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে উত্তৰ-পূব ভাৰতৰ ভিতৰত সৰ্বোচ্চ স্থান লাভ কৰা গণসংযোগ আৰু সাংবাদিকতা বিভাগ হিচাপে স্বীকৃতি লাভ কৰিছে।
ইয়াৰ উপৰি, বিভাগটোৱে দেশৰ ৰাজহুৱা পুঁজিৰে পৰিচালিত বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ৫ম স্থান আৰু সামগ্ৰিকভাৱে দেশজুৰি ১৮তম স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই সাফল্যই সংবাদ মাধ্যম শিক্ষা, গৱেষণা আৰু দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত বিভাগটোৰ উৎকৰ্ষতা আৰু সুনামক অধিক সুদৃঢ় কৰিছে। নিঃসন্দেহে, এই স্বীকৃতিয়ে তেজপুৰ বিশ্ববিদ্যালয় আৰু ইয়াৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ বাবে এক গৌৰৱময় মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।
