চেতনাৰ ধূসৰ নদীৰ ঘাট – মীৰা কোঁৱৰ

Pc Vecteezy

চেতনাৰ ধূসৰ নদীৰ ঘাট

মীৰা কোঁৱৰ,ডিব্ৰুগড়

জোনাক নিশা
মোৰ খিৰিকিৰ কাষত
নূপুৰৰ ৰুণজুন
খিৰিকিখন খুলি দিলোঁ
এসোপামান স্নিগ্ধ জোনাক
উলহ মালহেৰে
সোমাই আহিল
ওৰে ৰাতি সাৰে থকা
চকুৰ পতাত
গধূৰ হৈ পৰিছিল
সপোন ভগাৰ বেদনাবোৰ
ছটফটাই ছটফটাই বৈ গৈ
উপচি পৰিল
চেতনাৰ ধূসৰ নদীৰ ঘাটটো।