চুটি ছবি ‘পাপ’ শুভমুক্তি

pc facebook

চুটি ছবি ‘পাপ’ শুভমুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট গল্পকাৰ,’আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ জনপ্ৰিয় চুটি গল্প ‘পাপ’ৰ আধাৰত বিশিষ্ট  অভিনেতা-পৰিচালক সীমান্ত ফুকনৰ পৰিচালনাৰে দ্বীপ চি প্ৰডাকশ্বনৰ বেনাৰত চৈয়দ ইচ্‌মে আলমৰ প্ৰযোজনাৰে নিৰ্মিত তৃতীয়খন চুটি ছবি ‘পাপ’ দেওবাৰে বিয়লি ৩:০০ বজাত এন কে টিভি আৰু সীমান্ত ফুকন ক্ৰিয়েশ্বন ইউটিউব চেনেল যোগে একে সময়তে মুক্তি লাভ কৰিব।এই চুটি ছবিখনিৰ মুখ্য চৰিত্ৰত বলিষ্ঠ  অভিনয় কৰিছে মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা অৰুণ নাথ আৰু অভিনেত্ৰী চিমি গোস্বামীয়ে।ইতিমধ্যে এই চুটি ছবিখনে দেশ-বিদেশৰ বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ দেশী-বিদেশী দৰ্শক-সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰাৰ উপৰিও বিভিন্ন শিতানত বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে।চুটিছবি খনৰ যুটীয়াভাৱে চিত্ৰনাট্য ৰচনা কৰিছে অসীম কুমাৰ নাথ আৰু সীমান্ত ফুকনে,সংগীত পৰিচালনা-অহিৰ ভৈৰৱ,চিত্ৰগ্ৰহণ পৃথৱীৰাজ দত্ত(মুন), সম্পাদনা-মানস কাশ্যপ আৰু প্ৰতীম লামাৰ।চলচ্চিত্ৰপ্ৰেমী সকলে সীমান্ত ফুকন ক্ৰিয়েশ্বন ইউটিউব চেনেল যোগে এই ছবিখন চাব পাৰিব।

Channel Link:

https://youtube.com/c/SimantaPhukanCreation