চলন্ত বাহনত অগ্নিদগ্ধ হৈ ৫জনৰ মৃত্যু

Pc AajTak

ৰঙিলী বাৰ্ত্তাসেৱা-   বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত ৫ জন লোকে প্ৰাণ হেৰুৱালে । উল্লেখ্য যে, উক্ত ঘটনাটো ৰাজস্থানৰ লক্ষ্মণগড় থানাৰ অন্তৰ্গত মৌজপুৰৰ সমীপৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত বুধবাৰে নিশা সংঘটিত হয় ৷ এখন চলন্ত বাহন অগ্নিকাণ্ড সংঘটিত হৈ পাঁচজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় ৷ অৱশ্যে চালকজনে বাহনখনৰ পৰা বাহিৰ ওলাই আহিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, নিহত আটাইকেইজন মধ্যপ্ৰদেশৰ শ্বেওপুৰৰ বাসিন্দা ৷ তেওঁলোকে বৈষ্ণু দেৱীৰ পৰা তীৰ্থযাত্ৰা কৰি উভতি আহিছিল। এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে চাৰিওফালে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় ৷ এই তথ্য লাভ কৰাৰ লগে লগে লক্ষ্মণগড় থানাৰ আৰক্ষী আৰু প্ৰশাসনৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷ জানিব পৰা মতে, নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলা, এটি শিশু আৰু এজন পুৰুষ আছিল । ইফালে বিনোদ কুমাৰ মেহৰ নামৰ চালকজনৰ দেহৰ ৮০ শতাংশ জুইত পোৰা গৈছে ৷ বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে । অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰিয়ংকা ৰঘুবংশীয়ে কয়, ‘‘এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ততাতৈয়াকৈ সেই স্থানত অগ্নিনিৰ্বাপক বাহিনীৰ লোকক প্ৰেৰণ কৰা হয় আৰু ১৫ মিনিটৰ ভিতৰতে এই জুই নিয়ন্ত্ৰণলৈ অনা হয় ৷’’ উপ-আৰক্ষী অধীক্ষক কৈলাশ জিন্দালে কয়, ‘‘শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । যিহেতু বাহনখন চিএনজি চালিত আছিল, সেয়েহে এই জুই দ্ৰুতগতিত বিয়পি পৰিছিল ৷ ফলত বাহন থকা লোকসকলে বাহিৰলৈ ওলাই আহিবলৈ সুবিধাই নাপালে ৷ ডিএনএ পৰীক্ষা কৰাৰ পাছতহে সকলোৰে পৰিচয় উদ্ধাৰ কৰা হ’ব ।