আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব আদালতে
ৰঙিলী বাৰ্ত্তাসেৱা- আজি ফাষ্টট্রেক আদালতে জুবিন গাৰ্গৰ মৃত্যু গোচৰত অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান কৰিব। অসমৰ ৰাইজৰ কাৰণে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। যি সময়ত অসমৰ ৰাইজে শ্যামকানু মহন্তক জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বিচাৰৰ কাঠগড়াত থিয় কৰাইছে, সেই সময়ত ফাষ্টট্রেক আদালতে শ্যামকানু মহন্তৰ জামিন সন্দৰ্ভত কি ৰায় দিয়ে তাৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে। উল্লেখ্য যে যোৱা ২২ এপ্রিলত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন হৈছিল আৰু আদালতে ৩০ এপ্ৰিললৈ নিজৰ ৰায়দান সংৰক্ষিত ৰাখিছিল। আনহাতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ফাষ্টট্রেক আদালতত চলি থকা গোচৰৰ লগত সম্পর্কিত আন দুটা গোচৰত আদালতে দুটাকৈ গুৰুত্বপূৰ্ণ ৰায়দান কৰে। সেই অনুসৰি আদালতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ অংশীদাৰিত্ব থকা মহাবীৰ একুৱা নামৰ পানীৰ কোম্পানীটো জব্দ কৰাৰ নিৰ্দেশ প্রদান কৰিছে। আনহাতে আদালতে সিদ্ধার্থ শৰ্মাই ব্যৱহাৰ কৰি থকা ৬টাকৈ বেংক একাউন্ট জব্দ কৰাৰো নির্দেশনা দিছে। প্রথমটো নির্দেশনাযোগে আদালতে ব্যৱসায়ী চেতন ধীৰাচাৰিয়াৰ সৈতে ছয়গাঁৱৰ উদ্যোগপামত স্থাপন কৰা মহাবীৰ একুৱা নামৰ কোম্পানীটোত সিদ্ধার্থ শৰ্মাই কৰা বিনিয়োগৰ ধনৰাশি জব্দ কৰাৰ নিৰ্দেশ দিয়ে। আদালতত সিদ্ধার্থ শর্মা বা সিদ্ধার্থ শৰ্মাৰ অধিবক্তাই মহাবীৰ একুৱাত বিনিয়োগ কৰা ধন নিজৰ বুলি প্ৰমাণ কৰিব নোৱাৰিলে। বিনিয়োগ কৰা ধনৰ উৎস জুবিন গাৰ্গৰ উপার্জিত ধন বুলি আদালতত স্পষ্ট হয়। মহাবীৰ একুৱাত সিদ্ধার্থ শৰ্মাই বিনিয়োগ কৰা ধনৰ পৰিমাণ সন্দৰ্ভত অধিবক্তাই জনোৱা অনুসৰি উক্ত কোম্পানীত সিদ্ধার্থই প্রায় কোটিৰো অধিক ধন বিনিয়োগ কৰিছে। কোম্পানীটোত প্রায় ৩-৩.৫০ কোটি টকা পুঁজি বিনিয়োগ কৰা হৈছে। আনহাতে আজি আদালতে সিদ্ধার্থ শৰ্মাই নিজৰ কোম্পানীৰ নামত অথবা ভাতৃ, পিতৃ-মাতৃ, আত্মীয়-স্বজনৰ নামত চলাই থকা ৬টা বেংক একাউণ্ট ফ্রীজ অর্থাৎ জব্দ কৰিছে। এই বেংক একাউণ্টত জমা ৰখা ধনো সিদ্ধার্থ শৰ্মাই নিজৰ বুলি প্ৰমাণ কৰিব নোৱাৰিলে। ইয়াৰ পৰা আদালতত এইটো স্পষ্ট হয় যে মেনেজাৰ সিদ্ধার্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি নিজৰ কোম্পানীৰ লগতে আত্মীয়, ভাতৃৰ নামত থৈ শিল্পীগৰাকীক লুণ্ঠন চলাইছিল। যদিহে এই দুয়োটা বিষয়ৰ ওপৰত চৰকাৰী পক্ষই তথ্য-প্রমাণ সহকাৰে প্ৰমাণ কৰিব পাৰে তেন্তে জব্দকৃত ধনৰাশি জুবিন গাৰ্গৰ পৰিয়াল, আত্মীয়-স্বজন বা জুবিন গাৰ্গৰ নামত স্থাপন কৰা ট্রাষ্টৰ নামত খৰচ কৰিব পাৰিব বুলিও আদালতে স্পষ্ট কৰে।
