নির্বাচনত জয়ী হোৱাৰ পাছত উলিয়াব নোৱাৰিব সমদলঃ অনুৰাগ গোৱেল

নির্বাচনত জয়ী হোৱাৰ পাছত উলিয়াব নোৱাৰিব সমদলঃ অনুৰাগ গোৱেল

ৰঙিলী বাৰ্ত্তাসেৱা-ৰাজ্যৰ ১২৬ টা সমষ্টিত ৯ এপ্ৰিলত অনুষ্ঠিত হোৱা ভোটদান প্ৰক্ৰিয়াৰ পাছত এতিয়া অহা ৪ মে’ত ভোটগণনাৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ ।  অসমৰ নির্বাচনী ইতিহাসত এইবাৰ সৰ্বাধিক ভোটদান হৈছে। অহা ৪ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা আৰু ঘোষিত হ’ব ফলাফল। কিন্তু এইবাৰ এই ভোটগণনাৰ পিছত জয়ী হোৱা কোনো দল বা প্রার্থীয়ে সমদল উলিয়াব নোৱাৰিব। এইক্ষেত্ৰত কঠোৰ নির্দেশনা জাৰি কৰিছে নির্বাচন আয়োগে। বুধবাৰে ভোটগণনা পৰ্বৰ প্ৰস্তুতিকে ধৰি বিভিন্ন দিশ সামৰি দিছপুৰ লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে। সংবাদমেলত মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে প্ৰকাশ কৰা অনুসৰি ৪ মে’ত অনুষ্ঠিত হ’বলগা ভোটগণনাৰ বাবে ৩৫খন জিলাত মুঠ ৪০টা ভোটগণনা কেন্দ্ৰ সাজু কৰা হৈছে। পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’বলগা এই ভোটগণনাৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে গণনা কৰ্মচাৰী, মাইক্ৰ’ পর্যবেক্ষককে ধৰি গণনাৰ সকলো প্রস্তুতি। মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ ১২৬টা সমষ্টিৰ প্ৰতিটোৰ বাবে ইতিমধ্যে একোজনকৈ পর্যবেক্ষক নিযুক্তি দিয়া হৈছে। ভোটগণনাৰ দিনা এই পর্যবেক্ষকসকল ভোটগণনা কেন্দ্রত উপস্থিত থাকি সকলো দিশ তদাৰক কৰিব। তদুপৰি ২,৩৪৮জন মাইক্র’ পর্যবেক্ষকে ভোটগণনাৰ দিনা এই প্ৰক্ৰিয়াটো চম্ভালিব। ইফালে ভোটগণনাৰ বাবে ৰাজ্যত নিয়োজিত কৰা হৈছে ৫৯৮গৰাকী কৰ্মচাৰী। প্রতিখন জিলাত একোটাকৈ ভোটগ্রহণ কেন্দ্র থাকিলেও কোকৰাঝাৰ, তিনিচুকীয়া, যোৰহাট জিলাত দুটাকৈ ভোটগণনা কেন্দ্র স্থাপন কৰা হৈছে। মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ভোটগণনাৰ সময়ত নিৰাপত্তা ব্যৱস্থা সুৰক্ষিত কৰি ৰখাৰ বাবে চিআৰপিএফ বাহিনীৰ ২৫টা কোম্পানী মোতায়েন কৰা হৈছে। ইফালে ভোটগণনাৰ দিনা নির্বাচনত জয়ী হোৱা দল বা প্রার্থীয়ে আইন-শৃংখলা মানি ৰাজপথত সমদল উলিয়াব নোৱাৰিব বুলিও  মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। জয়ী হোৱা প্রার্থীয়ে শোভাযাত্রা উলিওৱাত নীতিগত বাধা নাই যদিও পৰাজিত প্রার্থী অথবা বিপক্ষকৰ দলৰ সমৰ্থকৰ সৈতে যিকোনো অপ্রীতিকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ শোভাযাত্রা উলিওৱাত বাধা আৰোপ কৰা হৈছে। আনহাতে ভোটগণনাৰ সময়ত দুগৰাকী প্ৰাৰ্থীৰ জয়ৰ পাৰ্থক্য অতি সামান্য হ’লে পুনৰ ভোটগণনা হ’ব পাৰে। তেনে পৰিস্থিতি ৰিটার্নিং বিষয়াই নিজেই পৰীক্ষা কৰিব পোষ্টেল বেলট। উল্লেখ্য যে এইবাৰ নিৰ্বাচনত মুঠ ভোটাৰ আছিল ২,৫০,৫৪,৪৬৩গৰাকী। ইয়াৰে ১,২৫,৩১,৫৫২জন পুৰুষ ভোটাৰ আৰু ১,২৫,২২,৫৯৩ গৰাকী মহিলা ভোটাৰ। আনহাতে এই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল ৭২২গৰাকী প্রার্থীয়ে। ইয়াৰে ৬৬৩জন পুৰুষ প্ৰাৰ্থী আৰু ৫৯গৰাকী মহিলা প্রার্থী। নির্বাচন আয়োগৰ সূত্র অনুসৰি ৩১,৪৯০টা কেন্দ্ৰত যোৱা ৯ এপ্রিলত সম্পন্ন হোৱা ভোটদানৰ হাৰ আছিল প্রায় ৮৬ শতাংশ। নগৰ অঞ্চলত ৩,৭৭৫টা ভোটগ্রহণ কেন্দ্ৰ থকাৰ বিপৰীয়ে গ্ৰাম্য এলেকাত ২৭,৭১৫টা ভোটগ্রহণ কেন্দ্র। উল্লেখ্য যে এইবাৰ ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, বৰপেটা, গোৱালপাৰা আৰু বঙাইগাঁও জিলাত ভোটদানৰ হাৰ আছিল সর্বাধিক। মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্রকাশ কৰা অনুসৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ভোটদানৰ হাৰ আছিল ৯৫.৬১ শতাংশ, ধুবুৰী জিলাত ৯৫.২১ শতাংশ, বৰপেটা জিলাত ৯৩.৩২ শতাংশ, গোৱালপাৰা জিলাত ৯৩.২৭ শতাংশ আৰু বঙাইগাঁও জিলাত ৯২.৭৭ শতাংশ। এইবাৰ নিৰ্বাচনত যুৱ ভোটাৰৰ অংশগ্ৰহণ আছিল যথেষ্ট উল্লেখনীয় দিশ। ১৮ বছৰৰ পৰা ২৯ বছৰৰ ভিতৰত ৭২ লাখ যুৱ ভোটাৰে ভোটদানত অংশগ্রহণ কৰে। লগতে ১৫টা ভোটগ্রহণ কেন্দ্র বিশেষভাৱে সক্ষম লোকে পৰিচালনা কৰিছিল।