চন্দ্ৰপুৰত থকা নীৰ নিৰ্মল পানী যোগান আঁচনি পৰিদৰ্শনঃ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ

pc- pratidin times

চন্দ্ৰপুৰত থকা নীৰ নিৰ্মল পানী যোগান আঁচনি পৰিদৰ্শনঃ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী আৰু পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্ৰী ৰঞ্জিৎ দাস  চন্দ্ৰপুৰত থকা নীৰ নিৰ্মল পানী যোগান আঁচনিত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে চন্দ্ৰপুৰত থকা ২৬৮ কোটিটকীয়া পানী যোগান আঁচনিটো পৰিদৰ্শন কৰে। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত বিশ্ব বেংকৰ সাহায্য পুঁজিৰে বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলত নীৰ নিৰ্মল পৰিযোজনাৰ অধীনত চন্দ্ৰপুৰ অঞ্চলৰ ১২ হেজাৰ পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধাৰাৰ উদ্দেশ্যে এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল। ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত সোণোৱাল চৰকাৰৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে প্ৰকল্পটোৰ পানী যোগানৰ শুভাৰম্ভ কৰিছিল । ২০২৪ চনৰ ভিতৰত প্ৰকল্পটোৰ জৰিয়তে সমূহ পৰিয়ালক ঘৰে ঘৰে পানী যোগান ধৰা হ’ব বুলি উল্লেখ কৰে শুভাৰম্ভৰ সময়ত।  মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে  যে প্ৰকল্পটোৱে মাঘ বিহুৰ পূৰ্বে যোগান ধৰিবলগীয়া ১২ হেজাৰ পৰিয়ালৰ ভিতৰত ১০ হেজাৰ পৰিয়ালক ঘৰে ঘৰে পানী যোগান ধৰিব। বাকী থকা দুহেজাৰ পৰিয়ালক অহা বৰ্ষৰ ভিতৰত সম্পূৰ্ণৰূপে পানী যোগান ধৰা হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰীৰ জলজীৱনৰ কথা উল্লেখ কৰি নতুন চৰকাৰখনে নিৰ্ধাৰিত সময়ত যিমানখিনি পৰিয়ালক পানী যোগান ধৰা হ’ব বুলি লক্ষ্য লৈছিল সেইলক্ষ্যতকৈ অধিক পৰিয়ালক পানী যোগান ধৰিবলৈ চৰকাৰ সক্ষম হোৱা বুলি উল্লেখ কৰে।

 

(RT)