‘আমাৰ ঘৰ’ৰ আৱাসীসকলৰ সমূহীয়া জন্মদিন পালন

pc- three bestrated

‘আমাৰ ঘৰ’ৰ আৱাসীসকলৰ সমূহীয়া জন্মদিন পালন

অনলাইন বাৰ্ত্তাসেৱা- অম্বিকাগিৰি স্মাৰক ন্যাস সমিতিৰ দ্বাৰা পৰিচালিত গুৱাহাটীৰ নাৰেংগী অঞ্চলৰ পাথৰকুৱেৰীত অৱস্থিত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো বৃদ্ধ আৱাস গৃহ ‘আমাৰ ঘৰʼৰ আৱাসীসকলে সমূহীয়া জন্মদিন পালন কৰে। এই বৃদ্ধ আৱাসৰ অন্যতম প্রতিষ্ঠাতা, অসমৰ প্ৰথম মহিলা দণ্ডাধীশ অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীৰ জ্যেষ্ঠ কন্যা শুচিব্ৰতা ৰায় চৌধুৰীৰ জন্মদিনটো বৃদ্ধ আৱাসৰ আৱাসীসকলৰ জন্মদিন হিচাপে উদ্‌যাপন কৰি অহা হৈছে। এই উপলক্ষে  ‘আমাৰ ঘৰ’ৰ সভাগৃহত এখন সভা অনুষ্ঠিত হয়। অম্বিকাগিৰি স্মাৰক ন্যাস সমিতিৰ সভাপতি বিশ্ব দত্তই এই সভাত উপস্থিত আটাইকে আদৰণী জনোৱাৰ পাছত প্রয়াত শুচিব্ৰতা ৰায় চৌধুৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। সভাত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট গায়ক, চিত্ৰ নিৰ্মাতা, পৰিচালক তথা অভিনেতা জুবিন গাৰ্গ আৰু তেওঁৰ সহধর্মিণী গৰিমা গাৰ্গ। ন্যাস সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থকা সভাত আৱাসীসকলৰ প্ৰাৰ্থনা, দুগৰাকী কিশোৰীৰ দ্বাৰা পৰিৱেশিত গীত আৰু বিহু নৃত্যই উপস্থিত আটাইকে আপ্লুত কৰে। কাৰ্যকৰী সভানেত্ৰী যুগৱতা দত্তই অম্বিকাগিৰীৰ গীত আৰু সুপ্রভা ৰায় চৌধুৰীয়ে গোৱালপৰীয়া গীত পৰিৱেশন কৰে। আমন্ত্রিত অতিথি জুবিন গার্গে আৱাসীসকলক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে দুটি গীত পৰিৱেশন কৰে। গৰিমা গাৰ্গে আৱাসীসকলক ‘বেদনাৰ উল্কা’ কবিতা পুথিখনত সন্নিৱিষ্ট কবিতা এটি পাঠ কৰি শুভেচ্ছা জনায়৷ সভাত উপস্থিত ‘আমাৰ ঘৰ’ৰ কোষাধ্যক্ষ দিলীপ কুমাৰ দত্ত চৌধুৰীয়ে অনুষ্ঠানত উপস্থিত আটাইকে শলাগৰ শৰা আগবঢ়ায়।

 

(RT)