এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াৰ বিদ্যালয় খোলাৰ পোষকতা

pc- IndiaToday

এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াৰ বিদ্যালয় খোলাৰ পোষকতা

অনলাইন বাৰ্ত্তাসেৱা- এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াৰই কৰʼনাৰ সংক্ৰমণৰ পৰা শিশুক নিৰাপত্তা দিয়াৰ ব্যৱস্থা নোহোৱা সত্ত্বেও বিদ্যালয়সমূহ খোলাৰ পোষকতা কৰিছে। সঞ্চালকগৰাকীয়ে সদৰী কৰা মতে সকলো বিদ্যালয়ৰ শিক্ষাৰ্থীক প্ৰতিষেধক দিয়াৰ বাবে ৯মাহ পৰ্যন্ত সময়ৰ প্ৰয়োজন হʼব আৰু তেতিয়ালৈ বিদ্যালয়সমূহ বন্ধ ৰখাটো সম্ভৱ নহʼব। সেয়ে দেশৰ চিকিৎসকগৰাকীয়ে বিদ্যালয়সমূহ শিক্ষা গ্ৰহণৰ বাবে খুলি দিয়া উচিত বুলি কয়। অৱশ্যে শিক্ষাদানৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থী নিৰাপত্তা নিশ্চিত কৰা উচিত বুলি কয় চিকিৎসগৰাকীয়ে।

 

(RT)