চি.১.২ প্ৰকৰণৰ সংক্ৰমণ ৰুধিবলৈ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সাৱধানতা অৱলম্বন

pc- Gavi, the vaccine Alliance

চি.১.২ প্ৰকৰণৰ সংক্ৰমণ ৰুধিবলৈ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সাৱধানতা অৱলম্বন

অনলাইন বাৰ্ত্তাসেৱা- মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে কৰʼনাৰ অধিক সংক্ৰামক চি.১.২ প্ৰকৰণৰ সংক্ৰমণ বিশ্বৰ কেইবাখনো দেশত ধৰা পৰাৰ পাছত বিশেষ সাৱধানতা অৱলম্বন কৰিছে। মুম্বাইৰ পৌৰ প্ৰশাসনে ৩ ছেপ্টেম্বৰৰ পৰা কাৰ্যকাৰী হোৱাকৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱা যাত্ৰীসকলৰ আৰ টি পি চি আৰ পৰীক্ষা বাধ্যতামূলক কৰিছে। নিৰ্দেশনা অনুসৰি ব্ৰিটেইন, ইউৰোপ, মধ্যপ্ৰাচ্য, দক্ষিণ আফ্ৰিকা, ব্ৰাজিল, বাংলাদেশ, বটছোৱানা, চীন, মৰিছাছ, নিউজিলেণ্ড, জিম্বাবʼৱে আদি দেশৰ পৰা মুম্বাইৰ বিমানবন্দৰত উপস্থিত হোৱা যাত্ৰীসকলে বিমানবন্দৰত নিজ খৰচতে নমুনা পৰীক্ষা কৰিব লাগিব।

 

(RT)