মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকৰ নিৰাপত্তাৰ দাবীত বৰপেটা প্ৰেছ ক্লাবৰ স্মাৰকপত্ৰ প্ৰদান

pc- Times Now

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকৰ নিৰাপত্তাৰ দাবীত বৰপেটা প্ৰেছ ক্লাবৰ স্মাৰকপত্ৰ প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকৰ  নিৰাপত্তা  সুনিশ্চিত  কৰাৰ দাবীৰে বৰপেটা প্ৰেছ ক্লাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে ‘নিউজ ডেইলী ২৪’ নামৰ নিউজ চেনেলটোৰ বৰপেটাৰ সংবাদদাতা বিক্রম কাকতি দুর্বৃত্তৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছিল। এক প্ৰেছ বিবৃতিত বৰপেটা প্ৰেছ ক্লাবৰ সম্পাদক অশোক কুমাৰ দাসে কয় যে ৰাজ্যত অব্যাহত থকা চাৰাং চাউলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে সাংবাদিকগৰাকী। চাউলৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত বুলি অভিযোগ উঠা জয়ন্ত দাস নামৰ এজন যুৱক আৰু তেওঁৰ দুই সহযোগীয়ে ২৮ আগষ্টৰ নিশা সাংবাদিক বিক্রম কাকতিক ফোনযোগে প্রাণনাশৰ ভাবুকি দিয়াৰ লগতে অশ্রাব্য গালি-গালাজ কৰে। সাংবাদিক বিক্রম কাকতিয়ে এই ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ পৰা তাৎক্ষণিক সঁহাৰি পোৱা পৰিলক্ষিত নহ’ল। বৰপেটা প্ৰেছ  ক্লাবৰ কার্যনির্বাহক সভাই ক্লাবৰ সদস্য তথা সাংবাদিক বিক্রম কাকতিক প্ৰাণনাশৰ ভাবুকি দিয়া ঘটনাক কঠোৰ গৰিহণা দিয়াৰ লগতে দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ বৰপেটা আৰক্ষীয়ে দোষীক বিচাৰি যোৱা অথবা আটক কৰাৰ ক্ষেত্ৰত হেমাহি কৰা কাৰ্যত সভাই আশ্চর্য প্ৰকাশ কৰে। অভিযোগ অনুসৰি এজাহাৰ দাখিলৰ প্ৰায় ৬০ ঘণ্টা উকলি যোৱাৰ পাছতো দোষীসকলক আটক অথবা সোধা-পোছাৰ পৰা বিৰত আছে বৰপেটা আৰক্ষী। সেয়ে সমগ্র বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰি ন্যায় বিচাৰৰ লগতে বিক্ৰম কাকতিসহ তেওঁৰ পৰিয়াল তথা ৰাজ্যৰ সমূহ সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাই বৰপেটা প্ৰেছ ক্লাবে স্মাৰকপত্ৰ প্ৰদান কৰে।

 

(RT)