কলাক্ষেত্ৰত মহিলাৰ থিয়নাম-‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই’ সাংস্কৃতিক অনুষ্ঠান

p.c northeast now

কলাক্ষেত্ৰত মহিলাৰ থিয়নাম-‘বহুদিন বকুলৰ গোন্ধ পোৱা নাই’ সাংস্কৃতিক অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা–  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে কলাক্ষেত্ৰ প্ৰাংগণত আয়োজন কৰা নৱবৰ্ষ মহোৎসৱত পুৱাৰ ভাগত অসমৰ পৰা হেৰাই যাবলৈ ধৰা থিয় নামৰ কৃষ্টিক যাউতিযুগীয়া কৰি ৰখাৰ উদ্দেশ্যে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে৷বলী ৰজাৰ দিনৰ পৰা থিয় নাম সৃষ্টি হয়৷মুখ্য পাঠক আছিল ভক্ত প্ৰহ্লাদ৷থিয় নামক বীৰ নাম বুলিও কোৱা হৈছিল৷সত্ৰীয়া ওজাপালি আৰু ঘোষা কীৰ্তনৰ আধাৰত বিশেষকৈ বৰপেটাত থিয় নাম গোৱা হৈছিল৷পুৱাৰ ভাগত মনোমহা পৰিৱেশত পৰিৱেশন কৰা ভক্তি ৰসৰে সমৃদ্ধ মহিলাৰ ‘থিয় নাম’ পৰিৱেশন কৰে শতদল মহিলা শিল্পী সমাজৰ দল নেত্ৰী লখিমী দাসৰ নেতৃত্বত তেওঁৰ সংগীবৃন্দই৷সন্ধিয়াৰ ভাগত ’বহুদিন বকুলৰ গোন্ধ পোৱা নাই— “শীৰ্ষক বীৰেন্দ্ৰ নাথ দত্তৰ সুমধুৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত হয়৷বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰীৰ পৰিচালনাত আৰু লোকশিল্পী হীৰকজ্যোতি শৰ্মাৰ তত্বাৱধানত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ কৰি অনা বিশিষ্ট কন্ঠশিল্পী নিপু ভূঞা,শ্ৰেয়াশ্ৰী ডেকা,নিলোফাৰ নাচৰিন,মৰমী দেৱী,হষিকেশ শৰ্মা,শতাব্দী খাটনিয়াৰ,মৰমী শৰ্মা,প্ৰিয়লক্ষ্মী গৌতম,উপমা দাস,দীপজ্যোতি দাস,সীমাশ্ৰী শৰ্মা,প্ৰত্যাশী কলিতাই গীত পৰিৱেশন কৰে৷অনুষ্ঠানত বাদ্য সংগত কৰে তবলাত ৰাজকুমাৰ ৰবিদাস,ঢোলকত দিলীপ মজুমদাৰ,কী- বোৰ্ডত অমৰ ডেকা,গীটাৰত দীপ ৰাজবংশী,মেন্দোলিনত নিৰ্মল দাস,বাঁহীত প্ৰদীপ ডেকা আৰু পেডত বৰুণ দাস৷আঁত ধৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰসাৰণ কাৰ্যবাহী ইন্দ্ৰজিৎ দাসে৷