দিছপুৰ প্ৰেছ ক্লাবত ‘দিহানাম অমৃত’ গ্ৰন্থ উন্মোচন

দিছপুৰ প্ৰেছ ক্লাবত ‘দিহানাম অমৃত’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  আমি জাতি বা ভাষা এটাক সুস্থ,সবল,সক্ৰিয় কৰিবলৈ হ’লে আমাৰ লোকসংস্কৃতিক চহকী কৰিব লাগিব৷-এই মন্তব্য নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাৰ৷ গ্ৰন্থমেলাৰ বতৰত আজি দিছপুৰ প্ৰেছ ক্লাবত দুৰ্গা কলিতাৰ দ্বাৰা ৰচিত ‘দিহানাম অমৃত’ নামৰ গ্ৰন্থখন উন্মোচন কৰি এইদৰে কয় নৰেশ কলিতাই৷তেওঁ পুনৰ কয় মুখে মুখে প্ৰচলিত দিহানামসমূহক গ্ৰন্থৰ আকাৰত এনেদৰে প্ৰকাশ কৰাটো এক আদৰণীয় পদক্ষেপ আৰু ভৱিষ্যত প্ৰজন্মকো এনেধৰণৰ গ্ৰন্থই যথেষ্ট অনুপ্ৰাণিত কৰিব।জয়ন্ত ডেকাই আঁত ধৰা অনুষ্ঠানত জি এল পাব্লিকেশ্বনৰ মহাপ্ৰৱন্ধক প্ৰণৱ তালুকদাৰে তেওঁৰ কৰ্মময় জীৱনত লাভ কৰা কিছু অভিজ্ঞতাৰ কথা প্ৰকাশ কৰাৰ লগতে দুৰ্গা কলিতাৰ এই প্ৰচেষ্টাৰ শলাগ লয়৷তেওঁ লগতে কয়- কবিতা,গল্প,প্ৰবন্ধ,গানে হওক সদায় তাত এটা আত্মা থাকে,আত্মাটো যেতিয়া তাত আৱিস্কাৰ হয়,লেখকজনে যেতিয়ালৈকে আত্মাটো প্ৰতিষ্ঠা কৰিব নোৱাৰে,তেতিয়া কবিতা,গল্প,প্ৰবন্ধ,গান পূৰ্ণাংগ ৰূপ নাপায়৷বিশিষ্ট সংবাদিক,চলচ্চিত্ৰ পৰিচালক,প্ৰযোজক শিৱাণু বৰাই গ্ৰন্থখনি প্ৰকাশৰ পাছত লেখিকা দুৰ্গা কলিতাৰ মনৰ সন্তুষ্টিৰ লগত তেওঁৰ নিজৰ মাতৃৰ দ্বাৰা প্ৰকাশিত এখনি গ্ৰন্থৰ উন্মোচনৰ সময়ত মাতৃয়ে লাভ কৰা সন্তুষ্টিক লৈ এক তুলনামূলক বিশ্লেষণ দাঙি ধৰে । অনুষ্ঠানত দিহানাম সম্পৰ্কে এক সাৰুৱা বক্তব্য প্ৰদান কৰাৰ লগতে দুৰ্গা কলিতাৰ এই প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে সাংবাদিক ছায়ামনি ভূঞাই । গ্ৰন্থখনিৰ ৰচনাৰ আঁৰৰ কথা বৰ্ণনা কৰাৰ লগতে অনুষ্ঠানত কেইটামান দিহানামো পৰিৱেশন কৰে লেখিকা দুৰ্গা কলিতাই । মুখ্যমন্ত্ৰীৰ মাতৃ – পিতৃ বন্দনা কাৰ্যসূচীৰ সময়ছোৱাতে জোঁৱায়েক বাপন কলিতাই আজি তেওঁৰ শাহুৱেক দুৰ্গা কলিতাৰ দ্বাৰা ৰচিত এই গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানটিৰ আয়োজন কৰাটো আছিল লক্ষ্যণীয়। অনুষ্ঠানৰ প্ৰাৰম্ভণিতে সম্বৰ্ধনা জনাই লেখিকাৰ কন্যা ড° মামনি কলিতা,বেলতলা মহাবিদ্যালয়ৰ অধ্যাপিকা ড° লীনা ডেকা,কমলা কলিতাই৷ অনুষ্ঠানটিৰ শেষত বাপন কলিতাই শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে অনাহকত সময় কটোৱাতকৈ লেখামেলাৰ জৰিয়তে সকলোকে সময়ৰ সদ্বব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ।