আমিনগাঁৱৰ ক্ৰীড়া পৰিসৰৰ আন্তঃগাঁথনি প্রকল্প পৰিদৰ্শন মুখ্যমন্ত্রী ড° শৰ্মাৰ

আমিনগাঁৱৰ ক্ৰীড়া পৰিসৰৰ আন্তঃগাঁথনি প্রকল্প পৰিদৰ্শন মুখ্যমন্ত্রী ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে আমিনগাঁৱত নিৰ্মীয়মান ক্ৰিকেট ষ্টেডিয়াম আৰু উচ্চমানৰ সাঁতোৰ প্ৰশিক্ষণৰ উপযোগী ছুইমিং পুল নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় ৷ আমিনগাঁৱত নিৰ্মীয়মান ক্ৰিকেট ষ্টেডিয়ামখনত একেলগে বিশ হাজাৰ লোকে বহি খেল উপভোগ কৰিব পাৰিব ৷ আমিনগাঁওস্থিত বেডমিণ্টনৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতা কেন্দ্ৰৰ সমীপতে নিৰ্মাণ কৰি থকা হৈছে ক্ৰিকেট ষ্টেডিয়াম আৰু ছুইমিং পুল৷ ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২১ চনত মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্ৰহণৰ পিছত সৰুসজাই ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ উন্নয়নৰ লগতে আমিনগাঁৱৰ ষ্টেডিয়ামৰো উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব প্রদান কৰি আহিছে।

ইতিমধ্যে আমিনগাঁৱত এখন ক্রিকেট ষ্টেডিয়াম, এটা বেডমিন্টন ৰাষ্ট্ৰীয় উৎকর্ষ কেন্দ্ৰ আৰু এটা আন্তঃৰাষ্ট্ৰীয় ছুইমিং পুলৰ নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা ভূমিকাই আন্তঃৰাষ্ট্ৰীয় ক্রীড়াক্ষেত্ৰত অসমৰ ভৱিষ্যতৰ সোপান তৈয়াৰ হ’ব বুলি আশা কৰা হৈছে। উল্লেখ্য যে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁওস্থিত ক্ৰীড়া পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্পৰ বুজ লোৱাৰ উদ্দেশ্যে পৰিদৰ্শন কৰে। নলবাৰীত ড্ৰাগছ তথা নিচাযুক্ত দ্রব্য বিনষ্টকৰণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি উভতি অহাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱৰ ক্ৰীড়া পৰিসৰত চলিত আন্তঃগাঁথনি প্ৰকল্পৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ক্রীড়া প্রকল্প পৰিদৰ্শন কৰি অসমৰ এক বিশ্বমানৰ ক্ৰীড়া কেন্দ্র হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই পৰিসৰত ইতিমধ্যে আৰম্ভ হোৱা বেডমিন্টনৰ ৰাষ্ট্ৰীয় কর্মকাণ্ডৰ লগতে বিশ্বমানৰ প্ৰশিক্ষণৰ বাবে নির্মিত ছুইমিং পুলটো খেলুৱৈসকলৰ ব্যৱহাৰৰ বাবে সাজু হৈ উঠিছে বুলি সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি ছুইমিং পুলটোত ৪০ গৰাকী প্রশিক্ষার্থীয়ে প্রশিক্ষণ গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় গেমছৰ দৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেল এই ছুইমিং পুলত অনুষ্ঠিত হ’ব বুলি আশা প্রকাশ কৰে। বেডমিন্টন কেন্দ্ৰৰ প্রসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বেডমিন্টনৰ এই উৎকৃষ্টমানৰ কেন্দ্ৰটোৰ পৰা ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন খেলুৱৈৰ সৃষ্টি হৈছে। এই কেন্দ্ৰটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা উৎকৃষ্টতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ক্রীড়া পৰিসৰৰ নিৰ্মীয়মাণ ক্রিকেট ষ্টেডিয়ামখনো পৰিদৰ্শন কৰে। ২০ হাজাৰ আসনযুক্ত ক্রিকেট  ষ্টেডিয়ামখন অহা বৰ্ষৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ দিশত আগবাঢ়িছে বুলিও মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ক্রিকেট ষ্টেডিয়ামৰ সমীপতে থকা ৰে’ল বিভাগৰ ভূমি ৰাজ্য চৰকাৰে লীজত লোৱাৰ পৰিকল্পনা কৰিছে। যাতে সেই ভূমিত বহুমূলীয়া গাড়ী পার্কিং ব্যৱস্থা নির্মাণ কৰিব পৰা যায়।

আনহাতে ব্যৱহাৰৰ বাবে সাজু হৈ উঠা ছুইমিং পুলটোৰ কাষতে সাঁতোৰ আৰু বেডমিন্টন খেলুৱৈৰ বাবে ১০০খন বিছনাযুক্ত হোষ্টেল আৰু ক্রিকেট খেলুৱৈ তথা প্রশিক্ষকৰ বাবে ২০০ ব্যক্তি থাকিব পৰা আন এটা হোষ্টেল নিৰ্মাণ কৰি থকা হৈছে। আমিনগাঁৱৰ নতুন ক্রীড়া আন্তঃগাঁথনি নির্মাণকার্য সম্পূর্ণ হৈ উঠিলে সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ লগতে এই নতুন ক্রীড়া প্রকল্পটোতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্রতিযোগিতা অনুষ্ঠিত কৰিব পৰা যাব বুলি আশা প্রকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্রীয়ে লগতে কয় যে ছুইমিং পুলটো পৰিচালনাৰ দায়িত্ব ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ওপৰত ন্যস্ত কৰা হ’ব। প্ৰসংগক্রমে মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে আমিনগাঁওস্থিত কামৰূপ জিলাৰ জিলা আযুক্তৰ কাৰ্যালয়কে ধৰি ক্ৰিকেট স্টেডিয়াম তথা ছুইমিং পুলটোৰ সমীপৰে এটা ছয়লেনযুক্ত পথ নিৰ্মাণ কৰা হ’ব আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই পথটোৰে আইআইটিলৈ যাত্রা সম্ভৱ হৈ উঠিব। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শৰ্মাই আমিনগাঁৱত থকা পৰিদৰ্শন বঙলাটো পৰিদৰ্শন কৰি ইয়াক অধিক সুন্দৰ আৰু আকর্ষণীয় কৰাৰ বাবে যাৱতীয় পৰামৰ্শ প্রদান কৰে। মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত লোকনির্মাণ, ক্রীড়া আদি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে।