মৰণোত্তৰভাৱে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘সংগীত সুধাকৰ’ অভিধা
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গে সংগীত আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতিস্বৰূপে অসম সাহিত্য সভাই তেওঁক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ অভিধা প্ৰদান কৰিব। মহানগৰীৰ দীঘলীপুখুৰীপাৰস্থিত অসম সাহিত্য সভাৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ ড° মহেন্দ্ৰনাথ বৰা সোঁৱৰণী সভাকক্ষত আয়োজিত এখন সংবাদ মেলত এই কথা ঘোষণা কৰিছে সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। তেওঁ কয় যে জুবিন গাৰ্গ অসমীয়া জাতিৰ এটা সত্তা। এই সত্তাটোক আমি সকলোৱে সন্মান কৰোঁ। সেইবাবেই শিল্পীগৰাকীক এই অভিধা প্ৰদানৰ সিদ্ধান্ত সাহিত্য সভাই গ্ৰহণ কৰিছে। দেৱজিৎ বৰাই জানিবলৈ দিয়া মতে, অসম সাহিত্য সভাৰ পঞ্চৰত্ন-গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি পূৰ্বতে কার্যনির্বাহক অধিৱেশন আৰু কৰ্ণধাৰ সমিতিৰ সভাই দিয়া অনুমোদনৰ ভিত্তিত অহা ৩০ জুলাইৰ বিয়লি ৪ বজাৰ পৰা অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হ’ব লগা এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত জুবিন গাৰ্গক মৰণোত্তৰভাৱে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে এই অভিধা প্ৰদান কৰিব।জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা, সৃষ্টিশীলতা আৰু মানৱীয় অনুভৱ-অনুভূতিক লৈ এখন ৰাষ্ট্ৰীয় আলোচনা-সত্ৰও আয়োজন কৰা হ’ব। উত্তৰ-পূব ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নির্বাচিত গৱেষকসকলে পাঠ কৰা মানসম্পন্ন গৱেষণা-পত্ৰসমূহ গ্রন্থাকাৰে প্ৰকাশ কৰা হ’ব। অকল সেয়াই নহয়, জুবিন গাৰ্গৰ গীতসমূহ ইংৰাজী, হিন্দী, বাংলা আদি ভাষালৈ অনুবাদ কৰি প্ৰকাশৰ সিদ্ধান্তও সাহিত্য সভাই গ্রহণ কৰিছে। সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা উপস্থিত থাকিবলগীয়া অভিধা প্রদান অনুষ্ঠানটোত জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ, সহধর্মিণী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী ড° পামী বৰঠাকুৰকে ধৰি পৰিয়ালৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰিব। এই অভিধা প্রদান অনুষ্ঠানত জুবিন গাৰ্গৰ কেইবাগৰাকী ন-পুৰণি শিল্পী শিষ্যই সাংস্কৃতিক সন্ধিয়াত গীত-নৃত্য-নাটক আদি পৰিৱেশন কৰিব। উল্লেখ্য যে শিল্পীগৰাকীক অভিধা প্ৰদানৰ ক্ষেত্ৰত যোৱা ৭ জুলাইত অসম সাহিত্য সভাৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নেতৃত্বত যোৱা এটা প্রতিনিধি দলে জোনালীস্থিত ষ্টুডিঅ’ত পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগত আলোচনাত মিলিত হৈ আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সিদ্ধান্তৰ লগতে এই সন্দৰ্ভতো সিদ্ধান্ত লৈছিল।
