ওমান উপকূলত জাহাজ আক্ৰমণ
ৰঙিলী বাৰ্ত্তাসেৱা- হৰমুজ প্রণালীত ছাই প্ৰাছৰ পতাকাবাহী জাহাজৰ ওপৰত ইৰানে দেওবাৰে নিচেই পুৱাতে আক্ৰমণ চলায়। আক্রান্ত জাহাজখনত ১১জন ভাৰতীয়ও আছিল। তাৰ ভিতৰত ১০জনক উদ্ধাৰ কৰা হৈছে যদিও এজন এতিয়াও সন্ধানহীন হৈ আছে। এই আক্ৰমণক কঠোৰ নিন্দা কৰি বিবৃতি জাৰি কৰিছে ভাৰত চৰকাৰে। বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা বিবৃিতিটোত অবিলম্বে হৰমুজ সংলগ্ন অঞ্চলত শান্তিৰ পৰিৱেশ ওভতাই অনাৰ দাবী জনোৱা হৈছে। ওমান উপকূলৰ ওচৰত ‘জিএফএছ গেলেক্সী’ নামৰ জাহাজখনত আক্রমণ কৰে ইৰানে। ইৰানৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ডৰ দাবী যে জাহাজখনে অনুমোদন নথকা পথেৰে অগ্ৰসৰ হৈছিল। একাধিক সতর্কবার্তা দিয়া হৈছিল, কিন্তু বাণিজ্যিক জাহাজখনে তাক উপেক্ষা কৰে। ইয়াৰ পিছতে জাহাজখনক ৰোধ কৰিবলৈ গোলাবর্ষণ কৰা হয়। ওমানৰ ভাৰতীয় দূতাবাসে জনাইছে যে সমগ্ৰ পৰিস্থিতি নিবিড়ভাবে পর্যবেক্ষণ কৰি থকা হৈছে। ওমান কর্তৃপক্ষৰ সৈতেও যোগাযোগ কৰা হৈছে। এই আক্ৰমণৰ তীব্র নিন্দা কৰি জাৰি কৰা বিবৃতিত নতুন দিল্লীয়ে কৈছে ‘ওমান উপকূলৰ ওচৰত হৰমুজ প্রণালীত পণ্যবাহী জাহাজ জিএফএছ গেলেক্সীত যি আক্রমণ হৈছে আমি তাক তীব্র নিন্দা কৰিছোঁ। জাহাজখনত ১১জন ভাৰতীয় নাগৰিক আছিল। তেওঁলোকৰ ভিতৰত ১০জনক উদ্ধাৰ কৰিব পৰা গৈছে। এজনৰ সন্ধান পোৱা হোৱা নাই। ওমানত অৱস্থিত আমাৰ দূতাৱাসে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। তালাচী অভিযান আৰু উদ্ধাৰকাৰ্য চলি আছে। এইক্ষেত্রত ওমান কর্তৃপক্ষক সহায় কৰিছে দূতাৱাসৰ বিষয়াসকলে। সহায়ৰ বাবে ওমান কর্তৃপক্ষক ধন্যবাদ।’ ইয়াৰ পিছতে পশ্চিম এছিয়াত শান্তি স্থাপনৰ দাবীত সৰৱ হৈছে বিদেশ মন্ত্রালয়। বিবৃতিটোত কোৱা হৈছে- ‘এই অঞ্চলটোত বাণিজ্যিক জাহাজৰ ওপৰত অনবৰতে যিদৰে আক্রমণ হৈ আছে, সেয়া অত্যন্ত উদ্বেগজনক। আমি অবিলম্বে তাত উত্তেজনা প্রশমনৰ দাবী জনাইছোঁ। আলোচনাৰ মাধ্যমেৰে কূটনৈতিক সমাধান বিচাৰিব লাগিব, যাতে এলেকাটোত শান্তি আৰু সুস্থিৰতা বাহাল থাকে। বাণিজ্যিক জাহাজ আৰু অসামৰিক পৰিকাঠামোক লক্ষ্য কৰাটো বন্ধ কৰিব লাগিব। আন্তঃৰাষ্ট্ৰীয় আইন মানি আন্তঃৰাষ্ট্ৰীয় জলপথেৰে স্বাধীন, অবাধ, নৌ চলাচল যথাসম্ভৱ সোনকালে স্থাপন কৰিব লাগিব।’
