ডিব্ৰুগড়ত জিলা বিজেপিৰ সাংগঠনিক কৰ্মশালা

ডিব্ৰুগড়ত জিলা বিজেপিৰ সাংগঠনিক কৰ্মশালা :: উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত সাংগঠনিক কৰ্মশালা আৰম্ভ হয়। ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰস্থিত বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোনোৱালে। জিলাৰ সভাপতি দুলাল বৰাৰ উপস্থিতিত অনুষ্ঠিত হোৱা উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা , ডিব্ৰুগড় বিধানসভাৰ সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, প্ৰাক্তন বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা, দলৰ জ্যেষ্ঠ নেতা বিকুল ডেকা আৰু কৰ্মশালাৰ জিলা আহ্বায়ক অসীম হাজৰিকা । কৰ্মশালাত উপস্থিত হৈ বিজেপিৰ ইতিহাস আৰু বিকাশ সম্পৰ্কে দলীয় কাৰ্যকৰ্তাসকলক উদ্দেশি বক্তব্য প্ৰদান কৰে সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই। কৰ্মশালাত অংশ গ্ৰহণ কৰে অসম চৰকাৰৰ দুই কেবিনেট মন্ত্ৰীদ্বয় ৰামেশ্বৰ তেলী আৰু বিমল বড়া। তিনিচুকীয়া বিধানসভাৰ সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অন্যতম উপ-সভাপতিদ্বয় পুলক গোহাঁই , তপন কুমাৰ গগৈ , ৰাজ্যিক সম্পাদক তথা জিলা সহ প্ৰভাৰী লক্ষীনাথ তাচাকে ধৰি দলৰ বহু কেইজন জ্যেষ্ঠ নেতাই অংশ গ্ৰহণ কৰে। দুলাল বৰা জিলা সভাপতি, দীপজয় শইকীয়া, জিলা আহ্বায়ক, সংবাদ বিভাগ আদি উপস্থিত থাকে।