দৌলাশালত নিচাযুক্ত দ্রব্য বিনষ্টকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে নিচামুক্ত অসম গঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শূন্য সহনশীল নীতিৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নলবাৰী জিলাৰ দৌলাশালস্থিত চতুর্দশ অসম আৰক্ষী বাহিনীৰ চৌহদত ৰাজ্যিক পৰ্যায়ত নিচাযুক্ত দ্রব্য বিনষ্টকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহায়ত চতুর্দশ অসম আৰক্ষী বাহিনীৰ চৌহদত স্থাপন কৰা সুৰক্ষিতভাৱে নিচাযুক্ত দ্রব্য বিনষ্ট কৰা যন্ত্ৰচালনাৰ শুভাৰম্ভ কৰাৰ লগতে পথত ৰোলাৰ চলাই আনুষ্ঠানিকভাবে ড্রাগ বিনষ্টকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে ৰাজ্যৰ প্ৰতিখন জিলাত এনেদৰে নিচাযুক্ত দ্রব্য বিনষ্টকৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ অধীনত অসম আৰক্ষীয়ে জব্দ কৰা ৪৭২.৫১ কোটি টকা মূল্যৰ হেৰ’ইন, গাঞ্জা, কফ ছিৰাপ, টেবলেট-কেপছুল, অপিয়াম, মর্ফিন, কোকেইন আদি নিচাযুক্ত দ্রব্য বিনষ্ট কৰা হ’ব। দৌলাশালত মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ সমগ্ৰ প্ৰক্ৰিয়া তদাৰক কৰে ৷

এই কাৰ্যসূচীত বিত্ত আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাৰ উপৰি অসম আৰক্ষীৰ সঞ্চালকপ্রধান হৰমিট সিং প্ৰমুখ্যে অসম আৰক্ষীৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে নিজেই ৰোলাৰ চলাই বৃহৎ পৰিমাণৰ কফচিৰাপ নষ্ট কৰা দেখা যায় ৷ ৰাজ্যজুৰি বিভিন্ন গোচৰত জব্দ কৰা ড্ৰাগছসমূহ পুনৰ অবৈধ বজাৰত উপলব্ধ হোৱাটো ৰোধ কৰাৰ বাবে বিজ্ঞানসন্মতভাৱে ধ্বংস কৰা হয় । এই উপলক্ষে সংবাদ মাধ্যম তথা অন্যান্যসকলক সম্বোধন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিগত পাঁচ বছৰত ৰাজ্য চৰকাৰে বছৰি কেইবাশ কোটি টকাৰ ড্ৰাগছ জব্দ কৰি আহিছে আৰু এই নিচাযুক্ত দ্রব্য সৰব্বাহৰ সৈতে জড়িত বিভিন্নজনক আদালতে দোষী সাব্যস্ত কৰি কাৰাদণ্ড বিহিছে। জব্দকৃত নিচাযুক্ত দ্রব্যসমূহ ৰাজ্য চৰকাৰে বিভিন্ন সময়ত জনসাধাৰণৰ সন্মুখত বিনষ্ট কৰি ড্রাগ্গুৰ ব্যৱসায়ীসকলকো এটা বার্তা দি আহিছে। মুঠ ৪৭২.৫১ কোটি টকা মূল্যৰ ড্ৰাগসমূহ বিনষ্ট কৰিবলৈ প্ৰায় দহ দিন সময়ৰ প্ৰয়োজন হ’ব। কেন্দ্ৰীয় চৰকাৰে সুৰক্ষিতভাৱে ড্ৰাগছ বিনষ্ট কৰাৰ বাবে এটা বিশেষ যন্ত্ৰ প্ৰদান কৰিছে আৰু দৌলাশালত যন্ত্ৰটো প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে।

তেওঁ লগতে জানিবলৈ দিয়া মতে, এই সময়ছোৱাত ৫৮.৮৮ কিলোগ্রাম হেৰ’ইন, প্রায় ৩৮ হাজাৰ কিলোগ্রাম গাঞ্জা, ২.২৯ লাখ কফ ছিৰাপৰ বটল, ৩৯ কিলোগ্রাম মর্ফিন, প্রায় ১৮.৭১ লাখ মেথামফেটামাইনসহ য়াবা টেবলেট, প্রায় ৪.৯৭ লাখ টেবলেট আৰু কেপছুল আদিকে ধৰি কেইবাবিধো নিচাযুক্ত দ্রব্য বিনষ্ট কৰা হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিগত পাঁচ বছৰত এন ডি পি এছ আইনৰ অধীনত ৩,৩০০টা গোচৰ পঞ্জীভুক্ত কৰা হৈছে আৰু বৰ্তমানলৈকে ৩,২২৭ কোটি টকা মূল্যৰ নিচাযুক্ত দ্রব্য অসম আৰক্ষীয়ে জব্দ কৰিছে। কিছুদিন পূর্বে অসম বিধানসভাত ড্ৰাগছৰ বিৰুদ্ধে হোৱা আলোচনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই আলোচনাত শাসকীয় আৰু বিৰোধী উভয় পক্ষৰ বিধায়কে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চৰকাৰে অধিক কঠোৰ পদক্ষেপ লোৱাৰ পোষকতা কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে আজি ৰাজ্য চৰকাৰে দৌলাশালত কেন্দ্রীয়ভাবে নিচাযুক্ত দ্রব্য বিনষ্টকৰণ অভিযান আৰম্ভ কৰিছে। ম্যানমাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা হেৰ’ইন আৰু মেথামফেটামাইনসহ য়াবা টেবলেট ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যলৈ সৰবৰাহৰ দিশত অসম এটা ‘ট্রেনজিট’ পথ স্বৰূপ হৈ পৰিছে, যিটো এক উদ্বেগৰ বিষয়। ড্ৰাগছৰ ব্যৱসায়ীসকলক কৰায়ত্ত কৰাটো অতি প্রত্যাহ্বানমূলক কাম, কিয়নো মূল ব্যৱসায়ীজন সাধাৰণতে বিদেশত থাকে আৰু সৰবৰাহৰ বাবে বিভিন্ন স্তৰত বহুজনক নিয়োজিত কৰে। অসম, মণিপুৰ, মিজোৰাম আৰু পশ্চিমবংগ চৰকাৰে যদি নিৰন্তৰভাৱে ড্ৰাগছৰ ব্যৱসায়ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখে আৰু এনে ব্যৱসায়ৰ সৈতে জড়িতসকলক যদি দৃষ্টান্তমূলক শাস্তি প্রদান প্রক্রিয়া অব্যাহত ৰাখিব পৰা যায় তেন্তে অসমক ‘ট্রেনজিট’ পথ হিচাপে ব্যৱহাৰ হোৱাটো বন্ধ কৰিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে।

আইনৰ গণ্ডৰ ভিতৰত থাকি ড্রাগ ব্যৱসায়ীৰ বিৰুদ্ধে অতি কঠোৰ ব্যৱস্থা হাতত ল’বলৈ অসম আৰক্ষীক নির্দেশ প্রদান কৰি তেওঁ লগতে কয় যে অসম বিধানসভাত কিছুদিন পূর্বে বিৰোধী পক্ষৰ বিধায়কসকলেও ড্ৰাগছৰ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ’বলৈ আহ্বান জনাইছিল। ড্ৰাগছ সৰবৰাহ কৰা কাৰ্য ধৰা পেলোৱাটো অতি জটিল কাম। কিয়নো জেপত ভৰাই লোৱা সৰু পাত্ৰ এটাৰেই কোটি টকাৰ ড্ৰাগছ সৰবৰাহ কৰিব পাৰি। সেয়ে এই দিশত চোৰাংচোৱা বাহিনীৰ অধিক সজাগ দৃষ্টি, প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে জনসাধাৰণো সজাগ হ’ব লাগিব বুলিও তেওঁ কয়। তদুপৰি এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ পিছত সৰবৰাহকাৰীজনে কোন ব্যক্তিৰ পৰা নিচাযুক্ত সামগ্রীখিনি লৈ ক’ত যোগান ধৰাৰ পৰিকল্পনা লৈছিল সেই তথ্যৰো সন্ধান উলিওৱাৰ ওপৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিবলৈ আন্তঃৰাজ্যিক সমন্বয় বৃদ্ধিৰ দিশত যথেষ্ট প্রচেষ্টা চলাই আহিছে আৰু বিগত সময়ছোৱাত এইক্ষেত্ৰত ৰাজ্যসমূহৰ মাজত সমন্বয় বহু বৃদ্ধিও পাইছে। নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অহা পাঁচ বছৰত অসম চৰকাৰে পূৰ্বতকৈ অধিক কঠোৰ পদক্ষেপ গ্রহণ কৰিব বুলি মন্তব্য কৰি তেওঁ এই পদক্ষেপলে জনসাধাৰণৰ সহযোগিতা কামনা কৰে।
