অসমীয়া সমাজ জীৱনত ভাদ মাহ
মুন শৰ্মা, লখিমপুৰ
ভাদ”… অসমীয়া বৰ্ষপঞ্জীৰ বাৰ মাহৰ ভিতৰত এটা অন্যতম মাহ, যি অসমীয়া মাহ সমূহৰ পঞ্চম মাহ হিচাপে ধৰা হয়। চাবলৈ গলে দেখিম যে, অসমীয়া সমাজ জীৱনৰ বিভিন্ন বৈশিষ্ট্য বিৰাজমান প্ৰতিটো অসমীয়া মাহৰ দৰেই ভাদ মাহ টো ও অতিকৈ গুৰুত্বপূৰ্ণ আৰু বৈশিষ্টপূৰ্ণ মাহ। য’ত ভক্তি ৰস, আধ্যাত্মিকতা আৰু একতাৰ নিদৰ্শন দেখা যায়।
উল্লেখ্য যে, ইংৰাজী বৰ্ষপঞ্জীৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ মাজ ভাগৰ সময় চোৱাত এই মাহৰ সময় আৰু ই অসমীয়া সমাজৰ সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰা বিশেষ ভাবে দাঙি ধৰে। প্ৰকৃতিয়ে বাৰিষাৰ ৰূপ সলনিৰ প্ৰস্তুতি চলাই বাৰিষা শেষ কৰি শৰৎৰ লগত মিতি পতাৰ দিশে অগ্ৰসৰ হৈ অন্য এক ৰূপ লয়, ৰদ বৰষুণৰ লুকা- ভাকু, কলীয়া মেঘৰ কৰাল আঁতৰাই প্ৰায় নীলা মুকলি নীলিম আকাশৰ ঠিকনা লৈ টুকুৰা টুকুৰ ডাৱৰৰ শুকুলা মেঘৰ টুকুৰা ঘূৰি ফুৰা মোহনীয়া আকাশৰ এই সময়ত মূলত এফালে গোটেই মাহ জুৰি, হৰিনাম, নাম – প্ৰসঙ্গ, বৰগীত আৰু ভাওনাৰ দৰে অসমীয়া সংস্কৃতিৰ প্ৰতিফলন কৰি মিঠা সুৰীয়া সুবাসী পৰিৱেশ সৃষ্টি কৰে, অন্যফালে অসমীয়া জাতিৰ জনক তথা গুৰু দুজনা শঙ্কৰদেৱ আৰু মাধদেৱ দেৱৰ তিথি, অসমীয়া সমাজত বহুল ভাবে বিস্তৃত ঈশ্বৰ শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ পালন কৰা হয় হেতুকে ভক্তিৰ ৰসে অসমৰ আকাশে বতাহে গোটেই খন মুখৰিত হৈ উঠে।
আকৌ… জ্যোতিষ শাস্ত্ৰৰ মতে পূৰ্বভাদ্ৰ পদ নামৰ নক্ষত্ৰৰ পৰা এই মাহৰ নাম উৎপত্তি হোৱা বুলি বিশ্বাস কৰা ভাদ মাহক অসমীয়াৰ শ্ৰম আৰু বিশ্বাস ৰ মাহ বুলি ও কোৱা হয়, কিয়নো… অসমীয়া অন্য মাহ সমূহৰ দৰে এই মাহৰ লগতো বহুতো লোকবিশ্বাস প্ৰচলিত হৈ আহিছে, বিশ্বাস অনুসৰি এই মাহত বিয়া পতা আৰু নতুন ঘৰত প্ৰৱেশ কৰা কাৰ্য নিষিদ্ধ এই কাম অমঙ্গলৰ কৰক ৰূপে জনা যায়, তাৰ বাহিৰে ও ভাদত মেঘৰ মুহূৰ্ত বেগ বুলি এটি কথাৰ প্ৰচলন আছে, যাৰ অৰ্থ হিচাপে, ভাদ মাহ ত মানুহে মানুহক দিয়া কথা বা প্ৰতিশ্ৰুতি বেছি দিন নাযায় বুলি বিশ্বাস কৰে, অন্য হাতে ভাদ মাহত তাল কঁঠাল এই দুবিধ ফল অধিক খোৱাটো বেয়া বুলি মান্যতা আছে, কাৰণ ফল দুবিধ অধিক খালে ৰোগ হয় বুলি বিশ্বাস কৰে, আকৌ জন সমাজত ভাদ মাহত বেয়া সপোন দেখিলে পুৱা উঠি প্ৰথমে পানীক কব লাগে বুলি আমাৰ জেষ্ঠ সকলৰ বা অতীতৰ পৰা মুখ বাগৰি অহা কথা এটি কয়। তেনে দৰে ভাদত পানী ঘৰত ধান বুলি এটি কথা প্ৰচলন হৈ আহিছে, ইয়াৰ অৰ্থ হল যে ভাদ মাহত অধিক বৰষুণ দিলে খেতি ভাল হয় আৰু কৃষক সকলে ভঁৰালত অধিক ধান লাভ কৰে।
