২৭অক্টোবৰৰ পৰা গুৱাহাটী-বেংকক বিমানসেৱা

২৭অক্টোবৰৰ পৰা গুৱাহাটী-বেংকক বিমানসেৱা

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বিমান পৰিবহণ খণ্ডৰ বাবে এক সুখবৰ । আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা খণ্ডত সংযোজিত হ’বলৈ আগবাঢ়িছে এক নতুন অধ্যায় । এইবাৰ গুৱাহাটী বিমানবন্দদৰ পৰা পোনপটীয়াকৈ বেংককলৈ আৰম্ভ হ’ব অসামৰিক বিমান পৰিবহণ সেৱা । সামাজিক মাধ্যমযোগে এই কথা জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, ২৭ অক্টোবৰৰ পৰা গুৱাহাটী আৰু বেংককৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হ’ব । এই বিমান সেৱা পৰিচালনা কৰিব ইণ্ডিগ’ৱে । উল্লেখ্য যে ইয়াৰ পূৰ্বে গুৱাহাটী বিমানবন্দৰৰ পৰা দুখনকৈ আন্তঃৰাষ্ট্ৰীয় বিমান পোনপটীয়াকৈ চলি আছিল । নৱনিৰ্মিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা চলিত বৰ্ষত আৰম্ভ হ’ব তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড° শৰ্মাই লিখিছে, আকাশী সংযোগৰ নতুন দিগন্ত…এটি ভাললগা খবৰ । ডুবাই আৰু আবুধাবিৰ পাছত এইবাৰ গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমান সংযোগ আৰম্ভ হ’ব । অহা ২৭ অক্টোবৰৰ পৰা ইণ্ডিগ’ৱে গুৱাহাটী আৰু বেংককক সংযোগ কৰি এই দুই মহানগৰৰ মাজত যাতায়াত অধিক সুচল কৰি তুলিব । এই নতুন বিমান সংযোগে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু ভ্ৰমণৰ দিশত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰাৰ লগতে গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ সৈতে অধিক নিবিড়ভাৱে সংযুক্ত কৰিব ।” আনহাতে দিল্লী আৰু গুৱাহাটীৰ মাজত অচিৰেই হ’ব ফ’ৰলেনযুক্ত ৰে’ললাইন। অসমত টুলেনযুক্ত ৰে’ললাইন সম্পূৰ্ণ হোৱাৰ পূর্বে কেন্দ্ৰীয় চৰকাৰে ফ’ৰলেনযুক্ত ৰে’লপথ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই ৰাজ্যখনৰ আন্তঃগাঁথনি আৰু উন্নয়নৰ দিশত বহুল পৰিৱৰ্তন অনাৰ সম্ভাৱনা কঢ়িয়াই আনিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা জানিবলৈ দি উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে দেশৰ সাতটা ৰে’লৱে ট্রেক ফ’ৰলেনযুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ এক অংশ হিচাপে শৰাইঘাটত কম সময়ৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ ওপৰত ৰে’লৰ দ্বিতীয়খন দলং নিৰ্মাণৰ কাম আৰম্ভ হ’ব। মুখ্যমন্ত্রীয়ে কয়- ভাৰত চৰকাৰে এই প্রকল্পটোক সক্রিয় বিবেচনাৰে আগুৱাই নিয়াৰ সম্ভাৱনা আছে। এই প্রকল্পটো সম্পূর্ণ হ’লে যাত্রীবাহী ৰে’লৰ লগতে মালবাহী ৰে’লৰ সংখ্যা বৃদ্ধি পাব আৰু দূৰত্বও হ্রাস পাব। কিয়নো, এইক্ষেত্ৰত জংচনবিলাকৰ প্ৰয়োজনীয়তা কমি যাব। এই প্রকল্পটোৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে। ইয়াৰ আনুষ্ঠানিক ঘোষণাৰ বাবে আমি কিছুদিন সময় অপেক্ষা কৰিব লাগিব।