জনসংযোগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নৰেন চন্দ্ৰ বৰ্মনৰ দেহাৱসান

Pc Vector Stock

জনসংযোগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নৰেন চন্দ্ৰ বৰ্মনৰ দেহাৱসান

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নৰেন চন্দ্ৰ বৰ্মনে আজি গুৱাহাটীৰ হায়াত হস্পিটালত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে, বৰ্মনে ১৯৭২ চনত চাকৰিত অংশগ্ৰহণ কৰি ২০০৭ চনত পৰিকল্পনা তথা গৱেষণা সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত তেখেতে পত্নী আৰু এগৰাকী বিবাহিত কন্যাক এৰি থৈ যায়। জনসংযোগ সঞ্চালকালয়ৰ এগৰাকী নিষ্ঠাবান তথা অমায়িক কৰ্মচাৰীৰ বিয়োগত সঞ্চালকালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে শ্ৰদ্ধা জনোৱাৰ অৰ্থে এখন শোকসভা অনুষ্ঠিত হয়। অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্মৰ অধ্যক্ষতাত অনুষ্ঠিত শোকসভাত প্ৰয়াত বৰ্মনৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। সভাত সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীসকলে বৰ্মনে বিভাগটোলৈ আগবঢ়োৱা অৰিহণা সম্পৰ্কে ৰোমন্থন কৰে।