কেটৰিনা কাইফ আৰু বিকী কৌশললৈ আহিছে প্ৰাণনাশৰ ভাবুকি

Pc India Today

কেটৰিনা কাইফ আৰু বিকী কৌশললৈ আহিছে প্ৰাণনাশৰ ভাবুকি

ৰঙিলী বাৰ্ত্তাসৱা-  কেটৰিনা কাইফ আৰু বিকী কৌশললৈ আহিছে প্ৰাণনাশৰ ভাবুকি।ছচিয়েল মিডিয়াযোগে এই ভাবুকি প্ৰদান কৰা হৈছে তাৰকা দম্পতীক।মুম্বাই আৰক্ষীয়ে এই সন্দৰ্ভত ইতিমধ্যে এজন অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।আৰক্ষীয়ে জনোৱা অনুসৰি কেটৰিনা কাইফ, বিকি কৌশলে ইনষ্টাগ্ৰামত ভাবুকি লাভ কৰিছিল আৰু অভিযুক্তজনে কেটৰিনা কাইফক অনুসৰণ কৰি ভাবুকি দিছিল।মুম্বাই আৰক্ষীৰ চাইবাৰ শাখাই অভিযুক্তক চিনাক্ত কৰিছে।আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৫০৬(২) ভাবুকি আৰু ৩৫৪(ডি) (মহিলাক অপমান) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।আৰক্ষীয়ে আইটি এক্ট ৬৭ (অশ্লীল ফটো, ভিডিঅ’ আৰু কমেণ্ট পোষ্ট কৰা)ৰ অধীনতো অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।