পৰৱৰ্তী ৫ দিনত অসমত বৰষুণৰ সম্ভাৱনা

pc UB Photos

পৰৱৰ্তী ৫ দিনত অসমত বৰষুণৰ সম্ভাৱনা

ৰঙিলী বাৰ্ত্তাসেৱা-  পৰৱৰ্তী ৫ দিনত অসমত ব্যাপক পাতল বা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।ভাৰতীয় বতৰ বিজ্ঞান বিভাগে  কেইবাখনো ৰাজ্যৰ বাবে ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছিল। পৰৱৰ্তী পাঁচ দিনত দেশৰ সৰ্বাধিক তাপমাত্ৰাৰ কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই।পৰৱৰ্তী পাঁচ দিনত অৰুণাচল প্ৰদেশ,অসম,মেঘালয়, নাগালেণ্ড,মণিপুৰ,মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণৰ সৈতে পাতল/মধ্যমীয়া বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আৱাসীসকলক স্থানীয় বতৰৰ পৰিস্থিতিৰ বিষয়ে ‘সজাগ’ হ’বলৈ আহ্বান জনাইছে।