অসম, চুবুৰীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিৰ সম্ভাৱনা

Pc Time 8

অসম, চুবুৰীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিৰ সম্ভাৱনা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত ৰন্ধন গেছৰ নাটনিৰ সম্ভাৱনা।ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড কৰ্তৃপক্ষই থলুৱা ট্রেন্সপ’ৰ্টাৰক প্রৱঞ্চনা কৰাৰ প্রতিবাদত সোমবাৰৰ পৰা আৰম্ভ হৈছে অনিৰ্দিষ্টকালীন ধৰ্মঘট।ধৰ্মঘটৰ ফলত ৭টাকৈ ৰন্ধন গেছ প্রকল্পৰ পৰিবহণ সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব।এই ধৰ্মঘট দীঘলীয়া হ’লে ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনাই দেখা দিছে।অসম, চুবুৰীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহতো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱাৰ সম্ভাৱনা আছে।নৰ্থ-ইষ্ট পেকড এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েশ্যনে আই অ’ চি এলৰ বিষয়াসকলৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হোৱাৰ পিছতো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীক ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।এই ধৰ্মঘটৰ সমৰ্থনত উত্তৰ গুৱাহাটী, তিনিচুকীয়া, গোপনাৰী, সৰপাৰা, বঙাইগাঁও, ডিমাপুৰ, ছেকমাই, শিলচৰ, দুলীয়াজান, নগাঁও, আগৰতলা, বিশালগড় আদিৰ এলপিজি প্লাণ্ট বন্ধ থাকিব।দুলীয়াজান বটলিং প্লাণ্টৰ পৰিবহণ সেৱাও সম্পূৰ্ণ বন্ধ থাকিব বুলি কোৱা হৈছে।সংস্থাটোৱে পৰিবহন সেৱা বন্ধ কৰি দিয়াৰ ফলত বটলিং প্লান্টত ৰন্ধন গেছ কঢ়িওৱা বাহনসমূহ আবদ্ধ হৈ পৰিছে।