দৰিদ্ৰ ঘৰত জন্ম গ্ৰহণ কৰা এজনী ছোৱালীও সৰ্বোচ্চ সাংবিধানিক পদত উপনীত হ’ব পাৰে

pc The Indian Express

দৰিদ্ৰ ঘৰত জন্ম গ্ৰহণ কৰা এজনী ছোৱালীও সৰ্বোচ্চ সাংবিধানিক পদত উপনীত হ’ব পাৰে

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুৱে।ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তেওঁক ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত তেওঁৰ ভাষণত মুৰ্মুৱে সকলো সাংসদ আৰু বিধায়কক ধন্যবাদ জনায়।শপত গ্ৰহণ অনুষ্ঠানত শপত বাক্য পাঠ কৰাৰ পিছতে ৰাষ্ট্ৰপতি হিচাপে দেশবাসীক সম্বোধন কৰে দ্ৰৌপদী মুৰ্মুৱে। ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে দেশবাসীক সম্বোধন কৰি কয় যে,”ৰাষ্ট্ৰপতি পদত উপনীত হোৱাটো মোৰ ব্যক্তিগত সাফল্য নহয়, ই ভাৰতৰ প্ৰতিজন দৰিদ্ৰলোকৰ কৃতিত্ব।এইটো আমাৰ গণতন্ত্ৰৰ শক্তি যে দৰিদ্ৰ ঘৰত জন্ম গ্ৰহণ কৰা এজনী ছোৱালী, দূৰৱৰ্তী জনজাতীয় এলেকাত জন্ম গ্ৰহণ কৰা কন্যা, ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদত উপনীত হ’ব পাৰে।ভাৰতৰ দৰিদ্ৰ সকলে কেৱল সপোনই নহয়, সেই সপোনবোৰো পূৰণ কৰিবও পাৰে।স্বাধীন ভাৰতৰ নাগৰিকসকলৰ সৈতে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ আশা পূৰণৰ বাবে দেশখনে প্ৰচেষ্টা ত্বৰান্বিত কৰিব লাগিব।আজিৰ পৰা কেইদিনমানৰ ভিতৰতে দেশখনে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব। এয়াও কাকতালীয় যে মোৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ হৈছিল যেতিয়া দেশখনে স্বাধীনতাৰ ৫০ তম বৰ্ষ উদযাপন কৰি আছিল আৰু আজি স্বাধীনতাৰ ৭৫ তম বৰ্ষত, মই এই নতুন দায়িত্ব লাভ কৰিছো।এক ঐতিহাসিক সময়ত যেতিয়া ভাৰতে অহা ২৫ বছৰৰ দৃষ্টিভংগী প্ৰাপ্ত কৰিবলৈ সাজু হৈছে, তেতিয়া এই দায়িত্ব দিয়াটো মোৰ বাবে অতি সৌভাগ্যৰ বিষয়।”