চি পি আই(এম)ৰ নেতা, বিশিষ্ট শিক্ষাবিদ, নতুন সাহিত্য পৰিষদৰ প্ৰাক্তন সভাপতি মদন মোহন চৌধুৰীৰ বিয়োগ

Pc Justdial

চি পি আই(এম)ৰ নেতা, বিশিষ্ট শিক্ষাবিদ, নতুন সাহিত্য পৰিষদৰ প্ৰাক্তন সভাপতি মদন মোহন চৌধুৰীৰ বিয়োগ :চি পি আই(এম)ৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

ৰঙিলী বাৰ্ত্তাসেৱা-  চি পি আই (এম) দলৰ তিনিচুকীয়া জিলাৰ প্ৰাক্তন সম্পাদক তথা ৰাজ্যিক কমিটিৰ সদস্য, বিশিষ্ট শিক্ষাবিদ, প্ৰগতিশীল সাহিত্য-সংস্কৃতি আন্দোলনৰ আগশাৰীৰ সংগঠক তথা নতুন সাহিত্য পৰিষদৰ প্ৰাক্তন সভাপতি মদন মোহন চৌধুৰীয়ে ২৫ জুলাইৰ পুৱতি নিশা ডিগবৈৰ ‘এ অ’ ডি’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ দীৰ্ঘদিন মধুমেহ আৰু হৃদযন্ত্ৰৰ অসুখত ভুগি আছিল আৰু সঘনে ডায়েলাইছিছ কৰি থাকিব লগা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৪ বছৰ। তেওঁ পত্নী তথা গণ-সাংস্কৃতিক আন্দোলনৰ নেত্ৰী প্ৰণতি চৌধুৰী, তিনি পুত্ৰ আৰু বোৱাৰী সহ আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। শিক্ষাবিদ তথা বাঁওপন্থী আন্দোলনৰ নেতা গৰাকীৰ মৃত্যু সংবাদ বিয়পি পৰাৰ লগে লগে ডিগবৈ চহৰকে ধৰি তিনিচুকীয়া আৰু সমগ্র অঞ্চলটোত শোকৰ ছা পৰে আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটীয়ে কমৰেড মদন মোহন চৌধুৰীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পাৰ্টিৰ নিষ্ঠাবান নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। পাৰ্টিয়ে তেওঁৰ পত্নী-পুত্ৰ সহ শোকবিহ্বল পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি জ্ঞাপন কৰিছে সমবেদনা। ১৯৮৫ চনত চি পি আই (এম) দলত যোগদান কৰা কমৰেড চৌধুৰীয়ে ২০১১ চনৰ পৰা ২০১৭ চনলৈ পাৰ্টিৰ তিনিচুকীয়া জিলা কমিটীৰ সম্পাদকৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰে আৰু ২০১৫ চনত ৰাজ্যিক কমিটীৰ সদস্য হিচাপে নিৰ্বাচিত হয়। ২০০৯ চনৰ পৰা তেখেতে দুটা কাৰ্যকালৰ বাবে নতুন সাহিত্য পৰিষদৰ সভাপতি হিচাপেও দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰে। মদন চৌধুৰীৰ জন্ম হৈছিল ১৯৪০চনত, নলবাৰী জিলাৰ পকোৱা গাওঁত ৷ তেওঁ পকোৱাতে প্ৰাইমেৰী শিক্ষা গ্ৰহণ কৰাৰ পিচত নলবাৰীৰ গৰ্ডন হাইস্কুলৰ পৰা ১৯৫৬ চনত মেট্ৰিক পাছ কৰে। পাছত কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্রহণ কৰে। ১৯৬৭ চনত ডিগবৈ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ শিক্ষক হিচাবে কৰ্মজীৱন আৰম্ভ কৰি ১৯৬৯ চনত বৰপেটাৰ প্ৰণতি চৌধুৰীৰ সৈতে বিবাহ হয়। ডিগবৈ মহাবিদ্যালয়ত সুদীৰ্ঘদিন ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাবে সুখ্যাতিৰে শিক্ষকতাৰ দায়িত্ব পালন কৰি তেওঁ ২০০০ চনত অৱসৰ গ্ৰহণ কৰে ৷ মদন মোহন চৌধুৰী নতুন সাহিত্য পৰিষদ আৰু গণনাট্য সংঘৰ ডিগবৈ শাখাৰ অন্যতম প্ৰতিষ্ঠাপক আছিল আৰু সংগঠন দুটা আগবঢ়াই নিয়াত অহোপুৰুষাৰ্থ যত্ন কৰিছিল ৷ সমাজত বৈজ্ঞানিক মানসিকতা প্ৰসাৰতো তেওঁৰ ভূমিকা আছিল উল্লেখযোগ্য। ইলোৰা বিজ্ঞান মঞ্চকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও তেওঁ যুক্ত আছিল। তেওঁৰ সহধৰ্মিনী প্ৰণতি চৌধুৰীৰ সৈতে দুয়োৰে যৌথ প্ৰচেষ্টাত ডিগবৈৰ প্ৰায়বোৰ উন্নয়নমূলক কাম-কাজত তেওঁ আগভাগ লৈছিল। প্ৰয়াত চৌধুৰীৰ শেষ ইচ্ছা অনুযায়ী চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ-কল্যাণৰ হকে তেওঁৰ মৰণোত্তৰ দেহ পৰিয়ালৰ পূৰ্ণ সহযোগত ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে আবেলি ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰা হয়। শতাধিক লোকৰ উপস্থিতিত হোৱা গাম্ভীৰ্যপূৰ্ণ দেহদান অনুষ্ঠানটোত ডিব্ৰুগড় মেডিকেলৰ হৃদৰোগ বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ হেমচন্দ্ৰ কলিতা, এনাটমী বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ গিৰিৰাজ খুশ্ৰু, ডাঃ শিখা ঠেঙালকে ধৰি শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানত প্ৰয়াত চৌধুৰীৰ তিনিওজন পুত্ৰ ক্ৰমে অৰ্ণৱ চৌধুৰী, পল্লব চৌধুৰী আৰু মৃগাংক চৌধুৰী সহ আত্মীয়-স্বজন, চি পি আই(এম)ৰ তিনিচুকীয়া-ডিব্ৰুগড়ৰ কৰ্মী আৰু নেতৃবৃন্দ, ইলোৰা বিজ্ঞান মঞ্চৰ স্থানীয় কৰ্মকৰ্তাসকল আৰু ভালেসংখ্যক গুণমুগ্ধ লোক উপস্থিত থাকে আৰু নেতাগৰাকীলৈ শ্ৰদ্ধা অৰ্পণ কৰে৷