একান্ত আন্তৰিকতাৰে তোমাৰ সতে
মানসী মিশ্ৰ
আহিনৰ গাভৰু পথাৰ খনেও জানে
সুখবোৰ বুটলি লবলৈ
এই সুখবোৰ সৌ পাহাৰেদি বৈ যোৱা
যুৱতী জুৰিটিৰ চঞ্চলা হাঁহিটিৰ দৰেই
গাখীৰতী হোৱা পথাৰ খনৰ প্ৰতিটো ধানৰ সিৰাই
কিয় বাৰু মোকেই জোকায় ?
সেউজীয়াৰ পৰা ক্ৰমশ সোণালী হোৱা
এই যে পথাৰখন, ককাইহঁতৰ সপোনৰ পথাৰখন
সেইখনেও কিয় বাৰু মোকে জোকায়
হয়তোবা তুমি জোকোৱা খিনিও
পুৱতিৰ নিয়ৰত সৰি পৰা
শেৱালিৰ নিমজ পাহিবোৰৰ দৰেই।