একান্ত আন্তৰিকতাৰে তোমাৰ সতে- মানসী মিশ্ৰ

pc- the janambhumi

একান্ত আন্তৰিকতাৰে  তোমাৰ সতে

 মানসী মিশ্ৰ

আহিনৰ গাভৰু পথাৰ খনেও জানে

সুখবোৰ বুটলি লবলৈ

এই সুখবোৰ সৌ পাহাৰেদি বৈ যোৱা

যুৱতী জুৰিটিৰ চঞ্চলা হাঁহিটিৰ দৰেই

গাখীৰতী হোৱা পথাৰ খনৰ প্ৰতিটো ধানৰ সিৰাই

কিয় বাৰু মোকেই জোকায় ?

সেউজীয়াৰ পৰা ক্ৰমশ সোণালী হোৱা

এই যে পথাৰখন, ককাইহঁতৰ সপোনৰ পথাৰখন

সেইখনেও কিয় বাৰু মোকে জোকায়

হয়তোবা তুমি জোকোৱা খিনিও

পুৱতিৰ নিয়ৰত সৰি পৰা

শেৱালিৰ নিমজ পাহিবোৰৰ দৰেই।