শীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব ২-৩ হাজাৰ বিদ্যালয় একত্ৰীকৰণ প্ৰক্ৰিয়া

pc The Sentinel Assam

শীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব ২-৩ হাজাৰ বিদ্যালয় একত্ৰীকৰণ প্ৰক্ৰিয়া

অনলাইন বাৰ্ত্তাসেৱা-  শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সদৰী কৰে যে  ৰাজ্য চৰকাৰে  ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পূৰ্ণৰূপে  কাৰ্যকৰী কৰাৰ বাবে কেতবোৰ বিশেষ পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ অংশ স্বৰূপে ৰাজ্যত শীঘ্ৰে বিদ্যালয় একত্ৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব।গুৱাহাটীৰ লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাপ্রাপক শিক্ষকসকলৰ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয় একত্ৰীকৰণৰ বাবে প্ৰস্তাৱ জিলা পৰ্যায়ৰ পৰা গ্ৰহণ কৰা হৈছে। এই প্ৰস্তাৱসমূহ পৰীক্ষাৰ পাছত বিদ্যালয়সমূহ একত্ৰীকৰণৰ নিৰ্দেশনা প্ৰদান কৰা হ’ব।