Online- লীভাৰাণী বৰুৱা

pc-Computer Hope

Online- লীভাৰাণী বৰুৱা

এই যে মৃত্যুৰ ঘণ্টাধবনি
তচনচ হ’ল নতুন শিক্ষানীতি
বাট বুলিবলৈ ব্যৱস্থাহীন ছাত্ৰ-ছাত্ৰী
প্ৰত্যাহ্বান জনালা ‘Online’ তুমি,

ডেকাশক্তিক কৰি প্ৰিয়মান
বহুজাতিক কোম্পানীৰ চাটাই অভিযান
‘ঘৰৰ পৰা কৰ্ম’ আংশিক সমাধান
‘Online’ তুমিয়েই জনালা প্ৰত্যাহ্বান;

আক্ৰান্ত পৰিয়ালৰ এজন
ব্যৱস্থা আইচ’লেশ্যন
কষ্ট কৰিবলৈ কথোপকথন
Online তে থাকি বিন্দাছ বাৰ্তাপ্ৰেৰণ;

মাৰ্কেটিংত ব্যস্ত উদ্যোগপতি
উপলব্ধ কৰাইছে উৎপাদিত সামগ্ৰী
শইচ আছে বজাৰ নাই নকৰি
প্ৰত্যাহ্বান জনোৱা ‘Online’ কে সাৱটি।