এনভিএছ-০৩ উপগ্ৰহক কক্ষপথত সফলতাৰে সংস্থাপন ইছৰ’ৰ

এনভিএছ-০৩ উপগ্ৰহক কক্ষপথত সফলতাৰে সংস্থাপন ইছৰ’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ মহাকাশ গৱেষণাত ইছৰোই আন এক বৃহৎ কৃতিত্ব অৰ্জন কৰিছে ।  ইছৰোই শুকুৰবাৰে থলুৱা নেভিগেচন উপগ্ৰহ এনভিএছ-০৩ সফলতাৰে উৎক্ষেপণ কৰে ৷ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা নিশা ১১:৫১ বজাত জিএছএলভি-এফ১৮ ৰকেটৰ সহায়ত এই উপগ্ৰহটো মহাকাশলৈ প্ৰেৰণ কৰা হয় ৷ দেশৰ নিজা জিপিএছক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰেই এই উৎক্ষেপণ। শুকুৰবাৰে নিশা ১১.৫১ বজাত শ্রীহৰিকোটাৰ সতীশ ধাৱান স্পেচ চেণ্টাৰৰ দ্বিতীয় লঞ্চপেডৰ পৰা জিএছএলভি-এফ১৮ ৰকেটটো উৎক্ষেপণ কৰাৰ ২০ মিনিটৰ পিছতে এনভিএছ-০৩ উপগ্রহটোক সফলভাৱে তাৰ নিৰ্ধাৰিত জিঅ’ছিনক্ৰ’নাছ ট্রেঞ্চফাৰ অর্বিটত স্থাপন কৰে। উৎক্ষেপণ প্রক্ৰিয়াৰ ওপৰত নিৰীক্ষণ, ৰখা ইছৰোৰ মুৰব্বী ড° ভি নাৰায়ণনে ইয়াৰ পিছতে আনন্দিত হৈ মিছন সফল হোৱাৰ কথা সকলোকে অৱগত কৰায়। লগতে এই উপগ্রহ নিৰ্মাণৰ সৈতে জড়িত উদ্যোগ প্রতিষ্ঠান আৰু ব্যক্তিসকলকো অভিনন্দন জনায়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে  বিজ্ঞানীসকলক শুভেচ্ছা জনোৱাৰ লগতে আশা প্রকাশ কৰে যে সমগ্ৰ দেশৰ সাধাৰণ লোকসকলে ইয়াৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে  লিখিছে- ‘এনভিএছ-০৩ত বহনকাৰী জিএছএলভি-এফ১৮ৰ সফল উৎক্ষেপণৰ বাবে আমাৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকললৈ অভিনন্দন। এই মিছন আমাৰ নিজা ছেটেলাইট দিক্ নির্ণয় ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূর্ণ। অত্যাধুনিক ক্ষমতাসম্পন্ন এনভিএছ-০৩ ছেটেলাইট প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ স্বনিৰ্ভৰ হোৱাৰ প্ৰচেষ্টাক বহুখিনি আগুৱাই নিব। সমগ্র দেশৰ সাধাৰণ লোকসকল উপকৃত হ’ব ইয়াৰ ফলত। দেশখনৰ মহাকাশ বিজ্ঞানীসকলৰ নিষ্ঠা আৰু উদ্ভাবনী শক্তিয়ে আমাৰ দেশখনক গর্বিত কৰি আহিছে।’