প্ৰ’টন বিম থেৰাপী কেন্দ্ৰ স্থাপনৰ বাবে আইবিএৰে চুক্তি স্বাক্ষৰ ৰাজ্য চৰকাৰৰ

প্ৰ’টন বিম থেৰাপী কেন্দ্ৰ স্থাপনৰ বাবে আইবিএৰে চুক্তি স্বাক্ষৰ ৰাজ্য চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ চিকিৎসা খণ্ডৰ বাবে এক নতুন অধ্যায়ৰ আৰম্ভণি ৷ উন্নত, সুলভ আৰু মানৱীয় স্বাস্থ্যসেৱা প্ৰতিগৰাকী নাগৰিকৰ কাষলৈ লৈ যোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে অসমে কৰ্কট ৰোগৰ চিকিৎসা সেৱাত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰে। শনিবাৰে দিছপুৰস্থিত লোকসেৱা ভৱনৰ সভাকক্ষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰ আৰু আই বি এ পার্টিকল থেৰাপী ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত গুৱাহাটীত অত্যাধুনিক প্ৰ’টন বিম থেৰাপী কেন্দ্ৰ স্থাপনৰ বাবে এক ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত প্র’টন বিম থেৰাপী কেন্দ্ৰ স্থাপনৰ বাবে আজি স্বাক্ষৰিত চুক্তিখনে উন্নত কৰ্কট ৰোগৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত অসমৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিলে। সফলতাৰ এই গুৰুত্বপূর্ণ মুহূর্তত মুখ্যমন্ত্রীয়ে সমগ্র অসমবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।  ভাষণত তেওঁ কয়- অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কৰ্কট ৰোগ এক গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত প্রত্যাহ্বান। এই ৰোগে ৰোগীজনৰ লগতে তেওঁৰ পৰিয়ালকো গভীৰভাৱে প্ৰভাৱিত কৰে। ইয়াৰ ফলত পৰিয়ালসমূহে মানসিক যন্ত্রণা, সামাজিক সমস্যা আৰু বৃহৎ আর্থিক বোজাৰ সম্মুখীন হ’বলগীয়া হয়। ৰাজ্য চৰকাৰৰ লক্ষ্য হৈছে প্ৰতিগৰাকী নাগৰিকে সময়মতে ৰোগ নিৰ্ণয় আৰু মানসম্পন্ন চিকিৎসা লাভ কৰাটো নিশ্চিত কৰা। প্ৰ’টন বিম থেৰাপী বৰ্তমানৰ বিকিৰণ চিকিৎসা পদ্ধতিসমূহৰ ভিতৰত অন্যতম নিখুঁত পদ্ধতি। এই পদ্ধতিত প্ৰ’টন ৰশ্মি অতি সূক্ষ্মভাৱে টিউমাৰক লক্ষ্য কৰি প্ৰয়োগ কৰা হয়। ৰশ্মি টিউমাৰৰ ভিতৰতে ৰখাব পৰা যায় বাবে ইয়াৰ চাৰিওফালে থকা সুস্থ অংগ আৰু কলাসমূহ বিকিৰ্ণৰ প্ৰভাৱৰ পৰা যথাসম্ভৱ সুৰক্ষিত থাকে। মগজু, মেৰুদণ্ড, চকু, মূৰ আৰু ডিঙিৰ কিছুমান কৰ্কট ৰোগৰ চিকিৎসাত এই পদ্ধতি বিশেষভাৱে উপযোগী। খাদ্যনলী, হাঁওফাঁও, যকৃত আৰু স্তনৰ কৰ্কট ৰোগত আক্রান্ত ৰোগীসকলেও ইয়াৰ পৰা উপকৃত হ’ব পাৰে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত এনেধৰণৰ কৰ্কট ৰোগ তুলনামূলকভাৱে অধিক দেখা পোৱা যায় বাবে এই প্ৰ’টন বিম থেৰাপীৰ সা-সঁজুলি ৰাজ্য চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত আনিবলৈ যি প্রচেষ্টা গ্রহণ কৰিছে, ইয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষভাৱে উপকৃত কৰিব। কৰ্কট ৰোগত আক্রান্ত শিশুৰ চিকিৎসাৰ ক্ষেত্ৰত এই পদ্ধতি বিশেষভাৱে উপকাৰী। শিশুৰ অংগসমূহ বিকিৰণৰ প্ৰতি অধিক সংবেদনশীল। প্ৰ’টন থেৰাপীয়ে মগজু, হৃদযন্ত্ৰ আৰু মেৰুদণ্ডৰ দৰে গুৰুত্বপূৰ্ণ অংগসমূহ সুৰক্ষিত ৰখাত সহায় কৰিব পাৰে। ইয়াৰ ফলত দীর্ঘম্যাদী জটিলতাৰ আশংকা হ্রাস পোৱাৰ লগতে পৰৱৰ্তী জীৱনত নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও হ্রাস পাব। কর্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰা শিশুসকলৰ জীৱনৰ মান উন্নত কৰাত এই চিকিৎসা পদ্ধতিয়ে বিশেষ ভূমিকা পালন কৰিব। বৰ্তমানলৈকে ভাৰতত মাত্ৰ দুটা কেন্দ্ৰতহে প্ৰ’টন থেৰাপীৰ সুবিধা উপলব্ধ হৈছে। এই কেন্দ্র দুটা হৈছে মুম্বাইৰ টাটা মেম’ৰিয়েল আৰু চেন্নাইৰ এপ’ল’ হাস্পতাল। সমগ্র বিশ্বতে এনে কেন্দ্ৰৰ সংখ্যা প্রায় ১৩০টা। এই কেন্দ্ৰ স্থাপনৰ জৰিয়তে নিজা ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাৰ অধীনত এই উন্নত চিকিৎসা আগবঢ়োৱা দেশৰ প্ৰথমখন চৰকাৰ হিচাপে অসম পৰিগণিত হ’ব। এয়া অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক উল্লেখযোগ্য সাফল্য। মুখ্যমন্ত্রী ড° শর্মাই কয়-এই প্রকল্পত মুঠ প্রায় ৬০০ কোটি টকা বিনিয়োগ কৰা হ’ব। ইয়াৰে ৩১৫ কোটি টকা বিশ্ব বেংকৰ ঋণ হিচাপে লাভ কৰা হ’ব আৰু এই ঋণৰ প্ৰায় ২৭০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে ওভতাই দিব। ক’ভিড মহামাৰীৰ সময়ত অসমৰ ৰাইজে অসম আৰোগ্য নিধিলৈ অত্যন্ত সহহৃদয়তাৰে আগবঢ়োৱা অনুদান অসম চৰকাৰে ক’ভিডকালীন সময়ত ৰাইজৰ বাবে মুকলিভাৱে খৰচ কৰাৰ পিছতো বেংকত সুদসহ সঞ্চয় হৈ থকা প্রায় ৬০ কোটি টকা এই প্রকল্পটোলৈ আগবঢ়োৱাৰ উপৰি বাকী প্রয়োজনীয় সমগ্র পুঁজি ৰাজ্য চৰকাৰে বহন কৰিব। কেন্দ্ৰটোত ProteusONE ব্যৱস্থা স্থাপন কৰা হ’ব। এই ব্যৱস্থাটোৰ বাবে তুলনামূলকভাবে কম ঠাইৰ প্ৰয়োজন হয় আৰু ইয়াৰ উন্নত কাৰিকৰী সক্ষমতাই নিখুঁত চিকিৎসা প্ৰদানৰ লগতে ৰোগীৰ বাবে চিকিৎসা লাভৰ সুবিধাও বৃদ্ধি কৰিব। এই গুৰুত্বপূর্ণ পদক্ষেপত সহযোগিতা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশ্ব বেংকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কবে। তেওঁ কয় যে এই অংশীদাৰিত্বই স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু উন্নত চিকিৎসা সেৱা অধিক সুলভ কৰি তোলাৰ ক্ষেত্ৰত উমৈহতীয়া দায়বদ্ধতাক প্রতিফলিত কৰিছে। এই প্ৰকল্পৰ এক গুৰুত্বপূর্ণ অংশ হ’ব বিশেষভাবে প্রশিক্ষিত মানৱ সম্পদ গঢ়ি তোলা। চুক্তি অনুসৰি চিকিৎসক, চিকিৎসা বিজ্ঞানী, কাৰিকৰী কৰ্মচাৰী আৰু অন্যান্য প্রয়োজনীয় কর্মীসকলক আই বি এৰ জৰিয়তে বিশেষ প্রশিক্ষণ প্রদান কৰা হ’ব। তেওঁ লগতে জানিবলৈ দিয়ে যে কেন্দ্ৰটো কার্যক্ষম হোৱাৰ পূর্বে প্রয়োজনীয় চিকিৎসা কর্মীসকলক প্ৰস্তুত কৰি তুলিবলৈ ৰাজ্য চৰকাৰে মুম্বাইৰ টাটা মেম’ৰিয়েল চেণ্টাৰৰ সৈতেও যোগাযোগ কৰিছে। টাটা ট্রাষ্টৰ সৈতে অংশীদাৰিত্বৰে ৰাজ্য চৰকাৰে অসম কৰ্কট চিকিৎসা প্রতিষ্ঠান গঠন কৰি ৰাজ্যজুৰি কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে তিনিস্তৰীয় চিকিৎসালয়ৰ এটা নেটৱৰ্ক গঢ়ি তোলাৰ পদক্ষেপ গ্রহণ কৰিছে। এই আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত মুঠ ১৭খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হৈছে। ইয়াৰে গুৱাহাটীৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানসহ ১২খন চিকিৎসালয় ইতিমধ্যে কার্যক্ষম হৈছে। বাকী ৫খন চিকিৎসালয়ো আগন্তুক এবছৰৰ পৰা দুবছৰৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে কৰ্কট ৰোগত আক্রান্ত লোকসকলে নিজৰ বাসস্থানৰ ওচৰতে প্রয়োজনীয় পৰীক্ষা-নিৰীক্ষা, ৰোগ নির্ণয় আৰু চিকিৎসা সেৱা লাভ কৰাটো নিশ্চিত কৰা। চিকিৎসাৰ প্ৰতিটো পৰ্যায়তে যাতে তেওঁলোক দূৰ-দূৰণিলৈ যাবলগীয়া-নহয়, তাৰ ওপৰত আমি বিশেষ গুৰুত্ব দিছোঁ। এই চিকিৎসালয়সমূহত ২.৬ লাখতকৈও অধিক বহিঃবিভাগীয় ৰোগীক পৰামৰ্শ আৰু চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। ৮২,৫০০ৰো অধিক ৰোগীয়ে চিকিৎসালয়ত ভর্তি হৈ চিকিৎসা লাভ কৰিছে। এই নেটৱৰ্কৰ জৰিয়তে ১.৮৮ লাখতকৈও অধিক কেম’ থেৰাপী চক্ৰ প্ৰদান কৰা হৈছে, প্রায় ২০,০০০ ৰোগীক বিকিৰণ চিকিৎসা দিয়া হৈছে আৰু ৪০০ৰো অধিক গুৰুত্বপূৰ্ণ অস্ত্রোপচাৰ সম্পন্ন কৰা হৈছে। ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত উন্নত চিকিৎসাৰ কেইবাটাও সুবিধা সংযোজন কৰা হৈছে। ইয়াৰ ভিতৰত আছে অস্থিমজ্জা সংৰোপণ, নিউক্লিয়াৰ মেডিচিনৰ বাবে গামা কেমেৰা, ৰব’টিক অস্ত্রোপচাৰ আৰু ইন্টাৰভেনচনেল ৰেডিঅ’লজীৰ বাবে কেথ লেব। মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- অসম কর্কট চিকিৎসা প্রতিষ্ঠানৰ নেটৱৰ্কে ভুটান চৰকাৰৰ বাবেও কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ৰেফাৰেল চিকিৎসালয়ৰ নেটৱৰ্ক হিচাপে সেৱা আগবঢ়াই আহিছে। এক্ট ইষ্ট নীতিৰ অধীনত অসমৰ কৌশলগত অৱস্থানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- বাংলাদেশ, ভূটান, নেপাল আৰু ম্যানমাৰৰ দৰে চুবুৰীয়া দেশৰ ৰোগীসকলকো গুৱাহাটীতে উন্নত চিকিৎসা সেৱা প্ৰদান কৰি অসমক কর্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ গন্তব্যস্থললৈ পৰিগণিত কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়েও অসমৰ এই আৰ্হি আন ৰাজ্যসমূহকো গ্রহণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা কেৱল চিকিৎসা প্রদানতে সীমাবদ্ধ নহয়। জনসজাগতা সৃষ্টি, পৰীক্ষা-নিৰীক্ষা আৰু ৰোগৰ আগতীয়া চিনাক্তকৰণৰ ওপৰতো চৰকাৰে সমান গুৰুত্ব আৰোপ কৰিছে। এই প্ৰকল্পৰ সুফল কেৱল অসমৰ মাজতে সীমাবদ্ধ নাথাকিব। চুবুৰীয়া দেশ আৰু অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰোগীয়ে গুৱাহাটীতে কৰ্কট ৰোগৰ উন্নত চিকিৎসা লাভ কৰিব পাৰিব। আমাৰ লক্ষ্য কেৱল বিশ্বমানৰ এটা চিকিৎসা কেন্দ্র স্থাপন কৰাতে সীমাবদ্ধ নহয়। দীর্ঘম্যাদীভাৱে কেন্দ্রটো সুচাৰুৰূপে চলাই নিয়াৰ বাবে প্রয়োজনীয় জ্ঞান, দক্ষতা আৰু প্রাতিষ্ঠানিক সক্ষমতাও গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব প্রদান কৰা হৈছে। এই যাত্রাত সহযোগিতা আগবঢ়োৱা বিশ্ব বেংক, আই বি এ পার্টিকল থেৰাপী ইণ্ডিয়া প্রাইভেট লিমিটেড, টাটা মেম’ৰিয়েল চেণ্টাৰ, টাটা ট্রাষ্ট আৰু সকলো সহযোগী প্রতিষ্ঠান পেছাদাৰী ব্যক্তিলৈ মুখ্যমন্ত্রীয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। এই পদক্ষেপ বাস্তৱায়িত কৰাৰ বাবে স্বাস্থ্য বিভাগৰ লগতে এ এছ এছ আই এছ টি আৰু এ এইচ আই ডি এম এছৰ অধীনত কাম কৰি থকা প্ৰতিটো দলৰ প্ৰচেষ্টাৰো ভাষণ প্রসংগত তেওঁ শলাগ লয়। এই অনুষ্ঠানত মন্ত্রী অশোক সিংহল, মুখ্য সচিব ড° ৰবি কোটা, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আযুক্ত সচিব সিদ্ধার্থ সিং, আই বি এৰ মুখ্য কাৰ্য বাহী বিষয়া তথা পৰিচালনা সমিতিৰ উপাধ্যক্ষ অলিভিয়াৰ লেগ্রেইন, বিশ্ব বেংকৰ দক্ষিণ এছিয়া আঞ্চলিক কার্যালয়ৰ আঞ্চলিক অনুশীলন সঞ্চালক তথা ভাৰতৰ প্ৰতিনিধি চেম মেটে উপস্থিত থাকে।