বিদেশৰ মোহত হেৰাই যোৱা বিবেক: মেধা নিষ্কাশন নে মানসিক দেউলীয়া?
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
বৰ্তমান সময়ত আমাৰ সমাজত এটা ডাঙৰ প্ৰৱণতা বা সপোন দেখা যায়— ল’ৰা-ছোৱালীক পঢ়ুৱাই-শুনুৱাই বহুত ডাঙৰ কৰিব লাগে, ডাক্তৰ-ইঞ্জিনিয়াৰ বা বিজ্ঞানী বনাব লাগে। মাক-বাপেকে নিজৰ জীৱনৰ তেজ-পানী একাকাৰ কৰি, সকলো সুখ-আহ্লাদ বিসৰ্জন দি সন্তানক উচ্চ শিক্ষাৰে দীক্ষিত কৰে। কিন্তু অতি পৰিতাপৰ বিষয় যে, এই সপোনবোৰ যেতিয়া বাস্তৱ হয়, তাৰ পিছৰ ছবিখন বহু সময়ত অতি ভয়াৱহ আৰু মৰ্মান্তিক হৈ পৰে।
যিখন দেশৰ মাটি, পানী আৰু বায়ু লৈ সন্তানজন ডাঙৰ-দীঘল হ’ল, যিখন সমাজৰ সা-সুবিধা লৈ তেওঁ নিজকে এজন যোগ্য ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিলে, সফল হোৱাৰ পিছত সেই একেজন ব্যক্তিয়েই নিজৰ দেশ, নিজৰ মাটিৰ গোন্ধ আৰু নিজৰ সংস্কৃতিক ক্ষন্তেকতে পাহৰি পেলায়। বিদেশৰ চকুত চমক লগা আলোকসজ্জা, বিলাসী গাড়ী, অট্টালিকা আৰু মোটা অংকৰ দৰমহাৰ মোহত অন্ধ হৈ তেওঁলোকে নিজৰ শিপাডালকে কাটি পেলায়। নিজৰ দেশক ‘অনগ্ৰসৰ’ বা ‘সুবিধাহীন’ বুলি অভিহিত কৰি, তেওঁলোকে সাত সাগৰ তেৰ নদীৰ পাৰত গৈ আশ্ৰয় লয় আৰু নিজৰ পৰিয়ালৰ তথাকথিত সুখ-সন্তোষৰ ভুৱা পৃথিৱী এখনত বিলীন হৈ পৰে।
অৰ্থনীতি বা সমাজবিজ্ঞানৰ ভাষাত ইয়াক হয়তো ‘মেধা নিষ্কাশন’ (Brain Drain) বুলি এটা বহল সংজ্ঞা দিয়া হয়। কিন্তু প্ৰকৃত অৰ্থত, ইয়াক কেৱল মেধা নিষ্কাশন বুলি ক’লে ভুল হ’ব; ই আচলতে এক চৰম স্বাৰ্থপৰতা, সুবিধাবাদ আৰু ‘মানসিক দেউলীয়া’।
প্ৰশ্ন হয়, যিসকল লোকে নিজৰ জন্মদাত্ৰী মাতৃ, পিতৃ আৰু মাতৃভূমিৰ প্ৰতি থকা ন্যূনতম কৰ্তব্যখিনি পালন কৰিব নোৱাৰে, তেওলোকৰ সেই ডাঙৰ ডাঙৰ ডিগ্ৰীবোৰৰ মূল্য কি? আমাৰ দেশৰ সাধাৰণ মানুহৰ কৰৰ (Tax) পইচাৰে চলা চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ি, ইয়াৰ সা-সুবিধা লৈ অৱশেষত অইন এখন দেশক সেৱা কৰাটো এক প্ৰকাৰৰ নৈতিক বিশ্বাসঘাটকতা। আজি আমাৰ দেশৰ শ্ৰেষ্ঠ ডাক্তৰজনে বিদেশত বহি বিদেশী লোকৰ চিকিৎসা কৰি আছে, অথচ আমাৰ নিজৰ গাঁৱৰ দুখীয়া মানুহজনে অলপ চিকিৎসাৰ অভাৱত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা হ’ব পাৰে ?
আটাইতকৈ হাঁহি উঠা আৰু পৰিতাপৰ কথাটো হ’ল, যিসকল লোকে নিজৰ নিজৰ স্বাৰ্থক সৰ্বস্ব বুলি ভাবি বিদেশলৈ ঢাপলি মেলে, তেওঁলোকে এটা ডাঙৰ সত্য পাহৰি যায়— ভাষা-সংস্কৃতি, ৰীতি-নীতি অনুকৰণ কৰিবলৈ চেষ্টা নকৰক কিয়, সেই দেশৰ থলুৱা মানুহে তেওঁলোকক কেতিয়াও নিজৰ বুলি আদৰি নলয় বা পূৰ্ণ মৰ্যাদা নিদিয়ে। ই এক চিৰন্তন সত্য।
যেতিয়া এইসকল লোকে বিদেশৰ মাটিত নিজৰ প্ৰাপ্য মৰ্যাদা বা মানসিক শান্তি বিচাৰি নাপায়, তেতিয়া তেওঁলোকৰ মনত এক গভীৰ হীনমান্যতাহে গা কৰি উঠে। আৰু এই হীনমান্যতা আৰু পৰাধীনতাৰ গ্লানি ঢাকিবৰ বাবেই তেওঁলোকে বিদেশৰ মাটিত ‘সমাজ’ পাতি লয়। তাত বিহু, দুৰ্গাপূজা বা অন্যান্য ধৰ্মীয় উৎসৱ-পাৰ্বনৰ আয়োজন কৰি সামাজিক মাধ্যমত (Social Media) এক ডাঙৰ প্ৰদৰ্শন আৰম্ভ কৰে।
কিন্তু আচলতে ই এক ফোপোলা প্ৰদৰ্শন আৰু অভিনয়ৰ বাদে একো নহয়। যিজন ব্যক্তিয়ে নিজৰ জন্মদাত্ৰী মাক-বাপেকক বৃদ্ধাশ্ৰমত এৰি থৈ আহিছে, নিজৰ আপোন পৰিয়ালৰ দুখ-কষ্টক চিনি পোৱা নাই, তেওঁ ধৰ্ম বা সংস্কৃতিৰ মৰ্ম কি বুজিব? ধৰ্মৰ মূল কথাই হ’ল সেৱা, ত্যাগ আৰু কৃতজ্ঞতা। মাক-বাপেকক ‘লাত’ মৰা লোক এজনে কৰা পূজাত কোনো আধ্যাত্মিকতা বা পবিত্ৰতা থাকিব নোৱাৰে; ই কেৱল লোকক দেখুওৱা এক ভেকচনহে। নিজৰ ঘৰখনক মৰিশালি কৰি বিদেশত সংস্কৃতিৰ বন্তি জ্বলাবলৈ বা প্ৰসাৰ কৰিবলৈ যোৱা এইসকল লোকৰ ধেমালি সমাজৰ বাবে কোনোদিনেই গ্ৰহণযোগ্য হ’ব নোৱাৰে।
উচ্চ শিক্ষাই যদি এজন সন্তানক পিতৃ-মাতৃৰ চকুপানী বুজিব পৰা নকৰে, তেন্তে সেই শিক্ষা কেৱল এটা কাগজৰ টুকুৰাহে, তাত কোনো মানৱতা নাই। এই সমগ্ৰ সমস্যাটোৰ বাবে আমাৰ সমাজ আৰু অভিভাৱক সকলো সমানেই দায়ী। আমি ল’ৰা-ছোৱালীক কেৱল ‘টকা উপাৰ্জন কৰা মেচিন’ কৰাৰ শিক্ষা দিলোঁ। তেওঁলোকক ডাক্তৰ, অভিযন্তা বা বিজ্ঞানী হ’বলৈ শিকালোঁ, কিন্তু ‘এজন ভাল মানুহ’ হ’বলৈ নিশিকালোঁ। সন্তানক শৈশৱৰে পৰা কৃতজ্ঞতাবোধ, নৈতিকতা, দেশপ্ৰেম আৰু নিজৰ মাটিৰ প্ৰতি থকা দায়িত্ববোধৰ শিক্ষা দিয়াটো আটাইতকৈ জৰুৰী হয়।
যিসকল লোকে নিজৰ স্বাৰ্থৰ বাবে দেশ আৰু দহক লাত মাৰি গুচি যায়, তেওঁলোকক আমাৰ দেশত কেতিয়াও কোনো প্ৰাধান্য বা সন্মান দিব নালাগে। কিয়নো যিয়ে নিজৰ মাক আৰু মাতৃভূমিক সন্মান কৰিব নোৱাৰে, তেওঁ কেতিয়াও কাৰোৰে আপোন হ’ব নোৱাৰে। এতিয়া সময় হৈছে আমি কেৱল নম্বৰ বা ডিগ্ৰীৰ পিছত দৌৰাৰ সলনি সন্তানক মূল্যবোধৰ শিক্ষা দিয়াৰ, যাতে ভৱিষ্যতে কোনো পিতৃ-মাতৃৰ ঠাই বৃদ্ধাশ্ৰমত নহয় আৰু কোনো মেধাবী সন্তানে নিজৰ মাতৃভূমিক ত্যাগ কৰি বিদেশত গৈ হীনমান্যতাত ভুগিবলগীয়া নহয়।
