ৰাস পূৰ্ণিমাৰ নিশা
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
আজি ৰাস পূৰ্ণিমাৰ নিশা
উঠিছে যমুনাত উত্তাল তৰংগ
কৃষ্ণৰ মধুৰ মুৰুলিৰ সুৰে
বিৰিন্দা বনৰ পশু-পক্ষী উৰুলি মাৰে।
কদম জোপাই হালে-জাল মৃদু মলয়াত
কালৈ বাৰে বাৰে বাট চায়,
ময়ুৰে পেগম ধৰি কিহৰ গীত গায়?
গোৱালিনীৰ এৱাঁ গাখীৰ দৈ-মাখন হয়।
এই আছে এই নাই
নুপূৰৰ ধ্বনি ৰিণিকি ৰিণিকি বাজে
হৃদয়ত কিযে মায়া কিযে যন্ত্ৰনা !
সুন্দৰীৰ হৃদয়ত যমুনাৰ বন্যা।
ৰাস পূৰ্ণিমাৰ নিশাত
জিলিকে যমুনাৰ দুয়ো কুল
গোপীসব প্ৰেমত অস্থিৰ
এৰি মায়াৰ সংসাৰ বান্ধোন
শুনিছানে বিৰহী ৰাধাৰ বেদনাৰ গাঁথা?
ইনাই-বিনাই কান্দিছে আজি
নিসংগ কদম জোপাই,
যমুনাৰ জল নহয় চঞ্চল
ম্লান আজি বিৰিন্দাবন ।
আহিবা তুমি শৰতৰ পূৰ্ণিমাৰ নিশাত
বজাই মধুৰ মুৰুলি
গোটেই নিশা আজি প্ৰেমময় হ’ব
বাজিব প্ৰেমৰ সংগীত।
