অধিবক্তা তথা লেখিকা প্ৰাণ প্ৰতিমা বড়াৰ কথাগল্পৰ পুথি ” হৃদয়ৰ কোঁহে কোঁহে মাথোঁ তুমি “উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- “সাহিত্যৰ নৱৰস মঞ্চ “ৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ইং ০৪/১০/২০২৬ দিনজোৰা কাৰ্যসূচীৰে শুৱালকুছিত অনুষ্ঠিত হৈ যায় । অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠ ড০ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে সেই গ্ৰুপটোৰ উপদেষ্টা ৰুক্মিণী দাস আৰু সন্মানীয় সদস্যা নীলিমা দাসে। ইয়াৰ পিছত চন্দনা কলিতাৰ সুমধুৰ মঙ্গলা চৰণেৰে মঞ্চ উদ্ধোধন কৰা হয়।উৰ্মিমালা দেৱীয়ে আঁতধৰা সভাখনত সভাপতিত্ব কৰে জাৰ্নেলিষ্ট বাৰ্তাৰ মুখ্য সম্পাদক প্ৰভাত চন্দ্ৰ শৰ্মাই । মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক সমালোচক ইছমাইল হোছেইন ডাঙৰীয়া , নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা অনুৰাগ আলোচনীৰ মুখ্য সম্পাদক ড০ হৰমোহন কলিতা ডাঙৰীয়া । আদৰণি ভাষণত ” সাহিত্যৰ নৱৰস মঞ্চ”মুখ্য প্ৰশাসিকা তথা প্ৰতিষ্ঠাপক অনামিকা (সংগীতা)কলিতাই সভাত উপস্থিত আটাইকে সম্ভাষণ জনোৱা লগতে গ্ৰুপটোৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে । ইয়াৰ পিছত অনুষ্ঠানটোৰ স্মৃতিগ্ৰন্থ “নৱৰস” উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা লেখিকা প্ৰাণ প্ৰতিমা বড়াৰ কথাগল্পৰ পুথি ” হৃদয়ৰ কোঁহে কোঁহে মাথোঁ তুমি” উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, সমালোচক তথা অধ্যাপক ইছমাইল হোছেইন ডাঙৰীয়াই । বিশিষ্ট সাহিত্যিকসকলৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰা হয়।
