সময় নাই
হেৰম্ব নাথ
কোনোবাই মাতিলে
মুখৰ ফালে চাই কথা ক’বলৈ সময় নাই
ৰাইজৰ কাম কৰিবলৈয়ো সময় নাই
কিবা সুধিলেও উত্তৰ দিবলৈ সময় নাই
বিয়াত নিমন্ত্ৰণ দিবলৈয়ো সময় নাই
ৰোগশয্যাত পৰি থকা
মানুহজনৰ খবৰ ল’বলৈয়ো সময় নাই
পদূলিৰ পানী যোৱা
বাট এটা কাটি দিবলৈয়ো সময় নাই
মুৰ দাঙি কথা ক’বলৈয়ো সময় নাই
ৰাইজৰ মিটিং এখনত যাবলৈ
সময় নাই
উৎসৱ-পাৰ্বনত কাম কৰিবলৈ সময় নাই
কিন্তু ঘণ্টাৰ পিছত ঘণ্টা ধৰি ম’বাইলত
ব্যস্ত থাকিবলৈ সময় আছে
কিয়নো
ম’বাইলটোহে আপোন
বাকীবোৰ পৰ
লগতে সন্ধিয়া হ’লে এক পেগ খাবলৈ
সময়ৰ অভাৱ নাই!
এয়াই আজিৰ সমাজ
প্ৰত্যেকেই পিন্ধি আছোঁ
একো একোখন মুখা
মুখাৰ আঁৰত লুকাই থাকে
একো একোজন মস্ত ঠগবাজ!
