মা’ আজি নগ্ন
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি
মা’ আজি নগ্ন…
ঠিকেই শুনিছে আপুনি…
লজ্জা আজি এক আলহী…
কিছুদিন থাকিল মাত্ৰ…
হৈ গল নিৰুদ্দেশ…
সন্তানৰ সুখৰ বাবে…
নিৰুপায় এক মাতৃ…
সেয়েহে মা’ আজি নগ্ন…
পৰিশ্ৰম নকৰা নহয়…
কিন্তু সেই টকাবোৰে…
জীবিকা একেবাৰে সম্ভৱ নহয়…
আজিৰ সময়ত মায়া-দয়া..
কেৱল এক ভেঁকো-ভাওনা…
স্বাৰ্থ থাকিলেহে মানুহবোৰ…
আগুৱাই ওলাই অহা দেখি…
গতিকে মা’ আজি নগ্ন…
উপাধি মোক যিয়ে দিয়ক…
আপত্তি মই নকৰোঁ…
কেৱল সন্তানৰ সুখৰ হকে…
কৰি গৈছোঁ মাতৃত্বৰ ধৰ্ম…
কৰ্ম যদিও ঘৃণনীয়…
কৰ্ম যদিও ঘৃণনীয়…||
