শিক্ষাৰ্থীৰ ভৱিষ্যৎ গঢ়াৰ বাবে কেৰিয়াৰ পৰামৰ্শৰ প্ৰয়োজনীয়তা
ড° বুলজিৎ বুঢ়াগোহাঁই
আজাৰা, গুৱাহাটী
বৰ্তমান সময়ত এজন শিক্ষাৰ্থীৰ বাবে কেৰিয়াৰ বাছনি জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেৰিয়াৰ মানে কেৱল “মই কি পঢ়িম?” বা “মই কি চাকৰি কৰিম?”—এই দুটা প্ৰশ্নৰ উত্তৰ নহয়; ই এজন ব্যক্তিৰ আগ্ৰহ, দক্ষতা, সামৰ্থ্য, ব্যক্তিত্ব, মূল্যবোধ আৰু জীৱনৰ লক্ষ্যৰ সৈতে জড়িত এক দীঘলীয়া যাত্ৰা। দ্ৰুতগতিত সলনি হৈ থকা শিক্ষা, প্ৰযুক্তি আৰু কৰ্মসংস্থাপনৰ পৰিৱেশত সঠিক দিশ নিৰ্বাচন কৰাটো দিনক দিনে অধিক জটিল হৈ পৰিছে। এনে পৰিস্থিতিত শিক্ষাৰ্থীসকলৰ বাবে কেৰিয়াৰ পৰামৰ্শৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে।
কেৰিয়াৰ পৰামৰ্শ হৈছে এজন ব্যক্তিৰ আগ্ৰহ, অৰ্হতা, দক্ষতা, ব্যক্তিত্ব, সম্ভাৱনা আৰু লক্ষ্য বিশ্লেষণ কৰি উপযুক্ত শিক্ষা, প্ৰশিক্ষণ, পেচা, চাকৰি, ব্যৱসায় অথবা স্বনিয়োজনৰ পথ নিৰ্বাচনত সহায় কৰা এক সুসংগঠিত প্ৰক্ৰিয়া। ইয়াৰ উদ্দেশ্য কেৱল “কোনটো চাকৰি ভাল” বুলি কোৱা নহয়; বৰং এজন শিক্ষাৰ্থীৰ বাবে কোনটো পথ উপযুক্ত, সেই পথলৈ যাবলৈ কি শিক্ষা আৰু দক্ষতাৰ প্ৰয়োজন আৰু ভৱিষ্যতে সেই ক্ষেত্ৰত কেনেধৰণৰ সুযোগ থাকিব পাৰে—সেই বিষয়ে বাস্তৱভিত্তিক দিক্নিৰ্দেশনা প্ৰদান কৰা।
আজিৰ কেৰিয়াৰৰ জগতখন আগৰ তুলনাত বহুগুণে বিস্তৃত। চিকিৎসা, অভিযান্ত্ৰিক, শিক্ষকতা, চৰকাৰী চাকৰি, বেংকিং আদি পৰম্পৰাগত ক্ষেত্ৰৰ উপৰিও তথ্য-প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, তথ্য বিশ্লেষণ, চাইবাৰ সুৰক্ষা, ৰবটিক্স, ডিজিটেল বিপণন, এনিমেচন, গ্ৰাফিক ডিজাইন, ড্ৰোন প্ৰযুক্তি, স্বাস্থ্যসেৱা, সেউজ কৰ্মসংস্থান, ই-কমাৰ্চ, ফ্ৰীলান্সিং আদি বহু নতুন ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। কিন্তু বিকল্প বৃদ্ধি পোৱাৰ লগে লগে সঠিক বিকল্প নিৰ্বাচন কৰাটোও কঠিন হৈছে। বহু শিক্ষাৰ্থী আৰু অভিভাৱকে নতুন নতুন ক্ষেত্ৰৰ পাঠ্যক্ৰম, অৰ্হতা, প্ৰশিক্ষণ, চাকৰিৰ সুযোগ আৰু ভৱিষ্যৎ সম্ভাৱনাৰ বিষয়ে পৰ্যাপ্ত নিৰ্ভৰযোগ্য তথ্য লাভ নকৰে।
আনহাতে, কেৱল পৰীক্ষাৰ নম্বৰ বা ৰেংকৰ ওপৰত ভিত্তি কৰি কেৰিয়াৰ নিৰ্বাচন কৰাটোও সদায় যুক্তিসংগত নহয়। ভাল নম্বৰ গুৰুত্বপূৰ্ণ হ’লেও কেৰিয়াৰত সফলতাৰ বাবে আগ্ৰহ, দক্ষতা, সৃষ্টিশীলতা, সমস্যা সমাধানৰ ক্ষমতা, যোগাযোগ দক্ষতা, ব্যৱহাৰিক জ্ঞান আৰু কামৰ প্ৰতি আগ্ৰহো সমানেই প্ৰয়োজনীয়। প্ৰযুক্তিৰ পৰিৱৰ্তনৰ সৈতে বহু পেছাৰ কামৰ ধৰণ সলনি হৈছে। সেয়েহে “ডিগ্ৰী লাভ কৰিলেই কেৰিয়াৰ নিশ্চিত”—এই ধাৰণাৰ পৰা ওলাই আহি শিক্ষা আৰু দক্ষতাক একেলগে আগবঢ়াই নিয়া প্ৰয়োজন।
ইয়াত অভিভাৱকৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ। সন্তানৰ ওপৰত নিজৰ পছন্দ বা অসম্পূৰ্ণ সপোন জাপি দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ আগ্ৰহ, সামৰ্থ্য আৰু ব্যক্তিত্বক সন্মান কৰা উচিত। একেদৰে শিক্ষাৰ্থীসকলেও বন্ধুৰ পছন্দ অনুসৰণ, সামাজিক চাপ অথবা কেৱল অধিক উপাৰ্জনৰ আশাত কেৰিয়াৰ নিৰ্বাচন নকৰি বিভিন্ন বিকল্পৰ বিষয়ে তথ্য সংগ্ৰহ কৰি বিবেচনাপূৰ্বক সিদ্ধান্ত লোৱা উচিত। ভুল কেৰিয়াৰ বাছনিয়ে সময়, অৰ্থ আৰু শ্ৰমৰ অপচয়ৰ লগতে শিক্ষাৰ প্ৰতি অনীহা, কৰ্মজীৱনত অসন্তুষ্টি আৰু আত্মবিশ্বাস হ্ৰাসৰ সৃষ্টি কৰিব পাৰে।
সেয়েহে বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ পৰাই কেৰিয়াৰ সজাগতা আৰু পৰামৰ্শৰ ব্যৱস্থা শক্তিশালী কৰা অত্যন্ত প্ৰয়োজনীয়। শিক্ষাৰ্থীৰ আগ্ৰহ আৰু দক্ষতা মূল্যায়ন, বিভিন্ন কেৰিয়াৰ ক্ষেত্ৰৰ সৈতে পৰিচয়, পাঠ্যক্ৰম আৰু প্ৰশিক্ষণৰ তথ্য, বৃত্তি আৰু শিক্ষাৰ সুযোগ, চাকৰি, উদ্যোগীকৰণ আৰু স্বনিয়োজনৰ সম্ভাৱনা সম্পৰ্কে নিয়মীয়া দিক্নিৰ্দেশনা প্ৰদান কৰা উচিত। কেৰিয়াৰ পৰামৰ্শক কেৱল চাকৰি লাভৰ মাধ্যম হিচাপে নহয়, সঠিক সিদ্ধান্ত গ্ৰহণ আৰু আত্মনিৰ্ভৰশীল ভৱিষ্যৎ গঢ়াৰ এক গুৰুত্বপূৰ্ণ পথ প্ৰদৰ্শক হিচাপে বিবেচনা কৰা উচিত।
আজিৰ শিক্ষাৰ্থী কাইলৈ সমাজ আৰু দেশৰ মানৱ সম্পদ। তেওঁলোকৰ প্ৰতিভা আৰু সামৰ্থ্য সঠিক দিশত ব্যৱহাৰ কৰিব পাৰিলে ব্যক্তিৰ লগতে সমাজ আৰু দেশ লাভান্বিত হ’ব। সেয়েহে প্ৰতিজন শিক্ষাৰ্থীয়ে নিজৰ সামৰ্থ্য চিনাক্ত কৰি উপযুক্ত কেৰিয়াৰ বাছনি কৰাৰ বাবে সময়মতে সঠিক তথ্য আৰু পেছাদাৰী পৰামৰ্শ লাভ কৰাৰ সুযোগ পোৱাটো বৰ্তমান স সময়ৰ এক গুৰুত্বপূৰ্ণ দাবী।
