কংগ্ৰেছৰ মিত্ৰতা ভংগৰ সিদ্ধান্ত মানি লৈছে ৰাইজৰ দলে

কংগ্ৰেছৰ মিত্ৰতা ভংগৰ সিদ্ধান্ত মানি লৈছে ৰাইজৰ দলে

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাইজৰ দলৰ সৈতে আনুষ্ঠানিকভাৱে কংগ্রেছে মিত্ৰতা ভংগৰ কথা ঘোষণা কৰাৰ পাছতে ৰাইজৰ দলেও কংগ্ৰেছৰে মিত্ৰতা ভংগৰ সিদ্ধান্তক মানি লৈছে। এই সন্দর্ভত এক সংবাদ মেল অনুষ্ঠিত কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কোডি শইকীয়া, সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু চিন্ময় বৰাই কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি কংগ্ৰেছৰে মিত্ৰতা ভংগৰ প্ৰস্তাৱ মানি লোৱাৰ কথা সদৰী কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাইজৰ দলৰ তিনিওগৰাকী নেতাই কয়-ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত আদর্শগত কোনো মিল নাই। কংগ্ৰেছ দল এটা ৰাষ্ট্ৰীয়তাবাদী দল। এটা Soft Communal দল। ৰাইজৰ দল ২৪ ঘণ্টাই অসমৰ স্বাৰ্থত মাতি থকা আঞ্চলিকতাবাদী আৰু সমাজবাদৰ পক্ষত থকা জাতীয়তাবাদী দল। আদৰ্শগত পাৰ্থক্যৰ কাৰণে এই দুয়োটা দল কেতিয়াও চিৰদিনৰ বাবে মিত্ৰতাত থকা সম্ভৱপৰ নহয়। কেৱল সাম্প্রদায়িক ফেচীবাদী বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতহে ৰাইজৰ দল কংগ্ৰেছৰ দল লাগিছে। কিন্তু আমি গভীৰভাৱে অনুভৱ কৰিছিলোঁ, কংগ্ৰেছৰ মাজত আদর্শগত দৃঢ়তা নাই। স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে যেনেকৈ আদর্শগতভাৱে দৃঢ় আৰু বিশ্বস্ত হ’ব লাগে অতীতকালৰ ইতিহাসত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা কংগ্ৰেছে এইক্ষেত্ৰত দৃঢ়তাৰে অৱস্থান গ্রহণ কৰিব নোৱাৰে। আনহাতে সাম্প্রদায়িকতাৰ বিৰুদ্ধেও কংগ্ৰেছৰ স্থিতি সদায়ে দোদুল্যমান। আটাইতকৈ ডাঙৰ কথাটো হ’ল কংগ্ৰেছ দলৰ নিৰ্বাচিত প্রতিনিধিসকল মুঠেও সাম্প্রদায়িক ফেচীবাদী বিজেপি চৰকাৰ আৰু মুক্ত হত্যাকাৰী মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তৎপৰ নহয়। Extra judicial killingৰ জৰিয়তে অসমৰ গণতান্ত্রিক ব্যৱস্থাটোক ভূ-লুণ্ঠিত কৰা আৰু সংবিধানৰ বিৰুদ্ধে অৱস্থান লোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে অসম বিধানসভাত কংগ্রেছে গণতন্ত্ৰ ৰক্ষাৰ যুঁজখন কেতিয়াও শক্তিশালীভাৱে চলোৱাই নাই। যেতিয়া আমাৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ আৰু ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে বিধানসভাত সুদৃঢ় হৈ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে, সেই সময়ত কংগ্ৰেছৰ বিধায়কে মৌনব্রত ধাৰণ কৰে। আনকি বিজেপি চৰকাৰে সংখ্যালঘুক সাম্প্রদায়িক মনোভাবেৰে অন্যায়ভাৱে উচ্ছেদ কৰি যেতিয়া অসমত মেৰুবিভাজনৰ ৰাজনীতি তীব্ৰতৰ কৰি তোলে তেতিয়াই কংগ্ৰেছৰ বিধায়কসকল লক্ষণীয়ভাৱে সক্রিয় হৈ নুঠে। সংবাদ মেলত ভাস্কো-ডি শইকীয়াই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়-আটাইতকৈ ডাঙৰ কথা- কংগ্ৰেছ দলৰ নিৰ্বাচিত জনপ্রতিনিধিসকল নিজৰ দলৰ প্ৰতি সৎ নহয়। ৰিপুণ বৰাক ৰাজ্যসভাৰ নিৰ্বাচনত ৪জন কংগ্রেছী বিধায়কে ভোট নিদি বিজেপিক ভোটদান কৰিছিল। ৰাষ্ট্ৰপতি নির্বাচনত ইউপিএ মনোনীত প্রার্থী যশৱন্ত সিন্‌হাক ভোট নিদি এনডি ৰ প্রার্থী দ্রৌপদী মুর্মুক ১২জন কংগ্রেছী বিধায়কে ভোটদান কৰিছিল। মুঠতে ড° হিমন্ত বিশ্ব শর্মা চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ মতাদর্শগত অৱস্থান সদায়ে আপোচকামী আৰু পুতৌজনক। ৰাইজৰ দলৰ এজন বিধায়ক আৰু বর্তমান সময়ত দুজন বিধায়ক শিৱসাগৰ সমষ্টিত অখিল গগৈ আৰু ধিং সমষ্টিত মেহবুব মুক্তাৰে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে বিধানসভাত যি সময়ত মৰণপণ সংগ্রাম গঢ়ি তোলে, সেই সময়ত কংগ্ৰেছৰ বিধায়কসকলে গা এৰা দি আপোচকামী স্থিতি গ্রহণ কৰে। ১৯ জুলাইত দুৰ্যোগৰ সময়ত যোৰহাট লোকসভা সমষ্টি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে। নাজিৰাত প্রাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সক্রিয় ভূমিকা গ্ৰহণ কৰি থকাৰ বিপৰীতে সাংসদ গৌৰৱ গগৈৰ ভূমিকা তেনেই নামমাত্র। যি কৰিছে সেয়া কেৱল দেখুৱাব লগাৰ কাৰণে কৰিছে। নিজৰ লোকসভা সমষ্টি ধ্বংস হৈ গৈছে, কিন্তু তাক লৈ সংসদত সক্রিয় ভূমিকা গ্রহণ কৰা নাই। গৌৰৱ গগৈৰ ভূমিকাক লৈ সৰৱ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে কয় যে উজনিৰ মহাপ্রলয় বিশ্লেষণ কৰি তেওঁ ইয়াক ৰাষ্ট্ৰীয় দুর্যোগ হিচাপে প্রতিপন্ন কৰিব লাগিছিল, দুর্যোগপীড়িত মানুহক সহায় কৰিব লাগিছিল, ড° হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী চৰকাৰক জবাবদিহি কৰিব লাগিছিল। কিন্তু এই তিনিওটাৰ এটাও কাম নকৰি গৌৰৱ গগৈয়ে বোকা ছটিওৱাৰ ৰাজনীতি কৰিলে। বানত ক্ষতিগ্রস্ত ৰাইজকো আন্তৰিক সহযোগিতা আগবঢ়োৱা নাই আৰু প্ৰকৃতক ক্ষতি পূৰণ দিবলৈ চৰকাৰকো জবাবদিহি কৰা নাই বুলি উল্লেখ কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে অভিযোগ কৰে যে ৰাইজৰ দলে গৌৰৱ গগৈক জিকাবলৈ মৰণপণ চেষ্টা কৰিছিল। কিন্তু বানবিধ্বস্ত শিৱসাগৰত কি হৈ আছে তাৰ খবৰ ল’বলৈকো শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ লগত সামান্য বার্তালাপো কৰা নাই। তেওঁ কয়- অসমৰ মানুহে গৌৰৱ গগৈক সন্মান কৰে দিল্লীত মাত মাতিব পাৰে বাবে। কিন্তু দুর্ভাগ্যজনকভারে বান প্রলয়ৰ বাবে নিজৰ সমষ্টি ধ্বংস হৈ যোৱাৰ পাছতো ৰাষ্ট্ৰীয় দুর্যোগ ঘোষণা কৰিবলৈ আৰু প্ৰকৃত ক্ষতি পূৰণ দিয়াবলৈ যিধৰণৰ ভূমিকা গ্রহণ কৰিব লাগিছিল সেয়া গ্রহণ নকৰিলে। এইবোৰে প্ৰমাণ কৰে যে কংগ্রেছে বিজেপি চৰকাৰৰ লগত এক বুজাবুজিৰ মাধ্যমেৰে চলি থাকে আৰু এই আপোচৰ বিষয় জনমানসৰ পৰা লুকুৱাই ৰাখিবলৈ আন বিৰোধী দলৰ ওপৰত বোকা ছটিয়াই দিয়ে।