বিটিচি উপ-নিৰ্বাচনত আসন বুজাবুজি হ’ব বিজেপি-বিপিএফৰ
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক বিটিচি উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বড়োলেণ্ডত ৰাজনৈতিক তৎপৰতা তুংগত উঠিছে। বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF) দলৰ মুৰব্বী তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মিত্ৰজোঁটৰ সহযোগী দলসমূহৰ সৈতে আসন বুজাবুজি বা আসন ভাগ-বতৰা কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে। বাক্সা জিলাৰ মুছলপুৰস্থিত জিলা সাংস্কৃতিক প্রকল্প প্রেক্ষাগৃহত বিজেপি আৰু বিপিএফৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিটিচি অঞ্চলৰ সামগ্রিক উন্নয়ন আৰু বিভিন্ন চৰকাৰী আঁচনিসমূহ দুয়োটা মিত্রদলে আলোচনাৰ জৰিয়তে ৰাইজৰ ওচৰলৈ নিয়াৰ বিষয়ে বিশদভাবে আলোচনা কৰে। সংবাদ মাধ্যমৰ সন্মুখত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে স্পষ্ট কৰি দিয়ে যে আগন্তুক উপ-নির্বাচনত দুয়োটা দলৰ মাজত আসন বুজাবুজি হ’ব। বর্তমান বিজেপিৰ দখলত থকা সমষ্টিসমূহত বিজেপিৰ প্রার্থীয়েই প্রতিদ্বন্দ্বিতা কৰিব বুলিও তেওঁ কয়। ইফালে ইউ পিপি এল দলক তীব্র সমালোচনা কৰি বিপিএফ আৰু অৰুণোদয় আঁচনিক লৈ অনা ছিণ্ডিকেট তথা দুর্নীতিৰ অভিযোগ সম্পূর্ণভাবে খণ্ডন কৰে মহিলাৰীয়ে। তেওঁ কটাক্ষ কৰি কয় যে ইউ পি পি এলে কেৱল ‘ন’ বড়োলেগু ন’ ৰেষ্ট’ আৰু ‘ডিভাইড আছাম ৫০-৫০’ ধৰণৰ শ্ল’গান দি থাকিবহে পাৰিব, কাম একো কৰিব নোৱাৰে। আজিৰ এই বৈঠকত বিজেপি আৰু বিপিএফ দুয়োটা দলৰে কেইবাগৰাকীও বিধায়ক, বিটিচিৰ কার্যবাহী সদস্য, পৰিষদীয় সদস্য, জিলা সমিতিৰ সভাপতি-সম্পাদকসকলৰ লগতে দুয়োটা দলৰে জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে।
