জিৰিবামত ৮০ কোটি টকাৰ ব্রাউন চুগাৰ জব্দ
ৰঙিলী বাৰ্ত্তাসেৱা- কাছাৰ সীমান্তৱৰ্তী মণিপুৰৰ জিৰিবামত অসম ৰাইফলছ, চিআৰপি আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰিছে। প্রাপ্ত বাতৰি মতে গোপন তথ্যৰ ভিত্তিত জিৰিবামৰ জেটি ৰোডৰ গাতে লাগি থকা মাখা বস্তি এলেকাত এখন ট্ৰাকত তালাচী চলাই নিৰাপত্তা বাহিনীয়ে ১০ টা ব্ৰাউন চুগাৰৰ পেকেট জব্দ কৰে। জব্দ কৰা ব্ৰাউন চুগাৰ খিনিৰ ওজন ১০কেজি ৮৯১ গ্ৰাম আৰু ইয়াৰ মুল্য প্ৰায় ৮০ কোটি টকা বুলি সদৰী কৰিছে অসম ৰাইফলছে। এই অভিযানত নগদ ১৫০০ টকা আৰু এটা ম’বাইল ফোনো উদ্ধাৰ কৰা হৈছে। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত ট্ৰাকৰ চালক জনক গ্ৰেপ্তাৰ কৰা হৈছে। পিছত ধৃত ব্যক্তিজনৰ লগতে উদ্ধাৰ হোৱা সামগ্ৰীসমূহ অধিক তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ বাবে আৰক্ষীক গতাই দিয়ে। পিছত জব্দ কৰা ব্ৰাউন চুগাৰ আৰু ধৃত ব্যক্তি জনক জিৰিবাম থানাত গতাই দিয়া হয়। এই যৌথ বাহিনীৰ অভিযানত অসম ৰাইফলছ, চি আৰ পি এফ আৰু জিৰিবাম আৰক্ষীৰ সমন্বয় আৰু সহযোগিতাৰ বিষয়টো চর্চালৈ আহিছে।
