বিদ্যালয়ত ৭০শতাংশ উপস্থিতি নাথাকিলে কর্তন হ’ব চৰকাৰী জলপানিঃ ডাঃ ৰণোজ পেগু
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰী জলপানি আৰু বিভিন্ন আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত উপস্থিতিৰ হাৰ বাধ্যতামূলক কৰা হৈছে। অসমৰ চৰকাৰী আৰু প্ৰাদেশীকৃত মহাবিদ্যালয় তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ছাত্র-ছাত্রীসকলে মাচুল ৰেহাই আঁচনি, ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনি আদি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু জলপানিৰ সুবিধা লাভ কৰি থাকিবলৈ হ’লে শিক্ষানুষ্ঠানত অতিকমেও ৭০ শতাংশ উপস্থিতি বজাই ৰখাটো বাধ্যতামূলক হ’ব। এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। গুৱাহাটীত ৰাজ্যৰ অনুসূচিত জনজাতিৰ বাবে ঘোষিত মেট্রিকোত্তৰ জলপানি বিতৰণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে যিসকল শিক্ষার্থীয়ে এই প্রয়োজনীয় উপস্থিতিৰ হাৰ স্পৰ্শ কৰাত ব্যৰ্থ হ’ব, তেওঁলোকক সংশ্লিষ্ট আঁচনিসমূহৰ পৰা কৰ্তন কৰা হ’ব। এই নিয়ম মাচুল ৰেহাই, ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ ক্ষেত্ৰতো সমানে প্রযোজ্য হ’ব। জনজাতি (ভৈয়াম) পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ আঁত ধৰি শিক্ষামন্ত্রী পেগুৱে কয় যে একাংশ মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাৰ পিছতো মাচুল ৰেহাইৰ সুবিধা প্ৰদান নকৰা বুলি তেওঁ কেইবাখনো আবেদন আৰু অভিযোগ লাভ কৰিছে। কিন্তু, আমাৰ নীতি-নির্দেশনা অনুসৰি আঁচনিখনৰ সুবিধা লাভ কৰি থাকিবলৈ হ’লে ৭০ শতাংশ উপস্থিতি বাধ্যতামূলক। তেওঁ কয় যে নিৰ্ধাৰিত উপস্থিতি বৰ্তাই ৰাখিব নোৱাৰা শিক্ষাৰ্থীসকল মাচুল ৰেহাই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ’ব। তেওঁ লগতে কয় যে অনুৰূপ চৰ্ত ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ ক্ষেত্ৰতো বলবৎ থাকিব। শেহতীয়া গুজৰাট ভ্ৰমণৰ প্ৰসংগ টানি আনি মন্ত্ৰীগৰাকীয়ে কয়, অলপতে গুজৰাট ভ্রমণকালত মই প্রত্যক্ষ কৰিছোঁ যে তাত উপস্থিতিৰ হাৰ ৮০ শতাংশ হোৱাটো বাধ্যতামূলক। অসমত আমি বাধ্যতামূলক ৭০ শতাংশ উপস্থিতিৰ সীমা হ্রাস কৰাৰ আবেদন গ্রহণ কৰিব পৰা নাই। অৱশ্যে পেগুৱে জানিবলৈ দিয়ে যে প্রাকৃতিক দুর্যোগ, জৰুৰী স্বাস্থ্যজনিত পৰিস্থিতি বা পৰিয়ালৰ কাৰোবাৰ বিয়োগৰ দৰে বিশেষ পৰিস্থিতিত অধ্যক্ষসকলক শিক্ষার্থীসকলৰ উপস্থিতিৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ কৰ্তৃত্ব অর্পণ কৰা হৈছে। আমি উপস্থিতিৰ শতাংশৰ ক্ষেত্ৰত আৰু অধিক নমনীয়তা বা শিথিলতা আনিব নিবিচাৰোঁ। তেওঁ লগতে উল্লেখ কৰে যে যদিহে ছাত্র সংগঠনসমূহে এই ৭০ শতাংশৰ সীমাক লৈ দ্বিমত পোষণ কৰে, তেন্তে তেওঁলোকক বিকল্প সর্বনিম্ন উপস্থিতিৰ হাৰ সন্দৰ্ভত পৰামৰ্শ দিবলৈ কোৱা হৈছিল, কিন্তু এতিয়ালৈকে কোনো সঁহাৰি পোৱা হোৱা নাই। শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু কয় যে বেকলগ থকা শিক্ষার্থীসকলো ৫০ শতাংশ মাচুল ৰেহাইৰ বাবে যোগ্য হৈ থাকিব, যাৰ অধীনত তেওঁলোকে অন্যথা মাচুলৰ আধা অংশ নিজে বহন কৰিব লগা হ’লহেঁতেন। শিক্ষানুষ্ঠানসমূহক নিয়মীয়াকৈ শ্রেণীসমূহ পৰিচালনা কৰিবলৈ আহ্বান জনাই তেওঁ সকীয়াই দিয়ে যে অনিয়মীয়া উপস্থিতি আৰু শৈক্ষিক বিফলতাৰ বাবে অৱশেষত শিক্ষার্থীসকল আঁচনিসমূহৰ পৰা বঞ্চিত হ’ব পাৰে। মই মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহক অনুৰোধ কৰিব বিচাৰোঁ যে যদিহে নিয়মীয়া শ্রেণী নহয়, তেন্তে শিক্ষার্থীসকল অনুত্তীর্ণ হ’ব, আৰু অনুত্তীর্ণ হ’লে আঁচনিৰ পৰা তেওঁলোকৰ নাম কৰ্তন হ’ব। মাচুল ৰেহাইৰ ধন পোনপটীয়াকৈ শিক্ষানুষ্ঠানসমূহলৈ যায়, যি ধন তেওঁলোকে নিজৰ পৰিচালনা কাৰ্যত ব্যৱহাৰ কৰে, গতিকে এনেকুৱা হ’লে শিক্ষানুষ্ঠানসমূহৰো লোকচান হ’ব বুলি তেওঁ কয়। অসমত শিক্ষাৰ্থীৰ অনুপস্থিতিক লৈ উদ্বেগ প্রকাশ পাই থকাৰ সময়তে মন্ত্ৰী পেগুৱে এই মন্তব্য কৰিছে। শেহতীয়া তথ্য অনুসৰি বিদ্যালয়সমূহত নামভৰ্তি কৰা ৫.৫ লাখ শিক্ষার্থী শ্রেণীত অনুপস্থিত আছিল, যিয়ে উপস্থিতিৰ এই সমস্যাটোৰ ভয়াৱহতা প্ৰমাণ কৰে। যোৰহাটত অলপতে সামৰণি পৰা দুদিনীয়া জিলা আয়ুক্তসকলৰ সন্মিলনতো শিক্ষা আৰু অন্যান্য প্রশাসনীয় বিষয়ৰ লগতে এই বিষয়টোৱে স্থান লাভ কৰিছিল। স্মৰ্তব্য যে ২০২৩-২৪, ২০২৪-২৫ আৰু ২০২৫-২৬ শিক্ষা বৰ্ষৰ বাবে অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় মেট্রিক-উত্তৰ জলপানি আঁচনিৰ অধীনত ১,৬৬, ১২৮ গৰাকী শিক্ষাৰ্থীৰ মাজত ১৯৪.৫৫ কোটি টকাৰ জলপানি বিতৰণ কৰা হয়। ইফালে, ৰাজ্যৰ টিউটৰসকলৰ সমস্যা সম্পর্কত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকক দলনিত পোনা মেলা দি মেলি দিয়া নহয়। কিবা এটা সমাধান উলিয়াব লাগিব। অপ্রাদেশীকৃত শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষকৰ প্ৰতি সহমর্মিতা প্রকাশ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয়, শিক্ষক পদত নিযুক্তিৰ বাবে বাধ্যতামূলকভাৱে লাগিব বৃত্তিগত শৈক্ষিক অর্হতা। তেওঁ কয়- উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ ওপৰত ভিত্তি কৰি যিসকলৰ অৰ্হতা আছে, তেখেতসকলক আমি ল’লোঁ। এতিয়ালৈকে প্রাদেশিকীকৰণ হ’বলগীয়া আমাৰ শিক্ষকসকলৰ ২০ শতাংশৰ ডিএলএড বা বিএড নাই। আৰু বৰ্তমান কৰ্মৰত বহু শিক্ষকৰ ৯০ শতাংশ শিক্ষকৰ বিএড, ডিএলএড বা ইউজিচিৰ নিয়মানুসৰি পুনৰ পৰীক্ষা দিয়া বা তেনেকুৱা কৰাৰ বয়স নাই। এতিয়া যদি তেখেতসকলক টিউটৰ বুলি কৈ পেলাই বাহিৰ কৰি দিয়ে, তেতিয়াহ’লে তেওঁলোকে কি কৰিব? অসমত এটা বিৰাট অৰাজক পৰিস্থিতিৰ সৃষ্টি হ’ব, এই বিদ্যালয়সমূহ তেনেকৈয়ে বন্ধ হৈ যাব। আমি গোটেই বিষয়টো আলোচনা কৰি আছোঁ। তেওঁলোকে যিখিনি ত্যাগ কৰিলে, আমি সেইটো অস্বীকাৰ কৰিব বিচৰা নাই। তেওঁলোকে বিনা বেতনে সেৱা আগবঢ়ালে, তাকো আমি অস্বীকাৰ কৰিব বিচৰা নাই। আৰু তাৰ পৰিপ্ৰেক্ষিততেই আমি গুৰুদক্ষিণা আঁচনিখন আনিছোঁ। গতিকে কিবা এটা সমাধান আমি উলিয়াবই লাগিব। আমি সমাধান কিবা এটা কৰিম, আমি তেওঁলোকক দলনিত পোনা মেলাদি এৰি নিদিওঁ। অৱশ্যে ইয়াৰ বাবে ৰাজ্য চৰকাৰে অপেক্ষা কৰিব উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত ৰায়দানলৈ।
