নগাঁও উপ-নিৰ্বাচনৰ বাবে দেৱাশিস শৰ্মাৰ মনোনয়ন দাখিল
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া নগাঁও লোক সভা সমষ্টিৰ উপ-নির্বাচনক কেন্দ্র কৰি বুধবাৰে নগাঁও চহৰত ৰাজনৈতিক বতাহ উত্তাল হৈ পৰে। আজি মনোনয়ন দাখিলৰ অন্তিম দিনা তিনি হেভীৱেট প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ লগতে সমষ্টিটোত নির্বাচনৰ মুঠ ১৩গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰে। অন্তিম দিনা নগাঁও চহৰত ৰাজনৈতিক দলসমূহৰ নেতা-কর্মী-সমর্থকৰ উপস্থিতিয়ে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে। আনহাতে যিকোনো প্ৰকাৰে নগাঁও লোকসভা সমষ্টিত এইবাৰ পদুম ফুলোৱাৰ লক্ষ্য বিজেপিৰ। কংগ্ৰেছৰ দখলৰ পৰা সমষ্টি পুনৰুদ্ধাৰৰ বাবে উপ-নির্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোত নগাঁৱত উবুৰি খাই পৰিল বিজেপিৰ শীর্ষ নেতৃত্ব। দলৰ প্রার্থী দেৱাশিস শৰ্মাক বিজয়ী কৰাবলৈ মনোনয়ন দাখিলৰ অন্তিম দিনা নগাঁৱৰ নেহৰুবালিত বিজয় সংকল্প সমাৱেশ পাতি বিজেপিয়ে দেখুৱালে শক্তি। অহা ৬ অক্টোবৰত হ’বলগা উপ-নির্বাচনৰ বাবে মনোনয়ন দাখিলৰ উদ্দেশ্যে নগাঁও চহৰত বিজেপিৰ লগতে কংগ্ৰেছ, এআইইউডিএফ, তৃণমূল কংগ্ৰেছৰ দলীয় সমৰ্থকৰ উপস্থিতিয়ে সৃষ্টি কৰিলে এক উখল-মাখল পৰিৱেশ। বিজেপিৰ প্ৰাৰ্থী দেৱাশিস শৰ্মা, কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা, এআইইউডিএফৰ প্রার্থী বদৰুদ্দিন আজমল, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল চালামকে ধৰি কেইবাজনো নির্দলয়ী প্রার্থীয়ে অন্তিম দিনটোত দাখিল কৰিলে মনোনয়ন। মনোনয়ন দাখিলৰ পূৰ্বে নেহৰুবালিত বিশাল সমাৱেশ পাতি বিজেপিৰ শ্লোগান- পদুমৰ পাহি পাহি, ভোট দিয়ক হাঁহি হাঁহি। এই আহ্বানেৰে নেহৰুবালিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভোটাৰক আহ্বান জনাই কয়- বিনাশ আৰু বিভাজনৰ ৰাজনীতি কৰা কংগ্ৰেছৰ এতিয়া চিন-মোকাম নোহোৱা হোৱাৰ উপক্ৰম হৈছে। কংগ্ৰেছে অসমক ৫০ বছৰ পিছুৱাই লৈ গ’ল। অহা ২৫ বছৰ দলটোৱে সেই পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। এয়া অসমৰ জনগণৰ মনৰ ইচ্ছা। ৬ অক্টোবৰত বিজেপি প্রার্থী দেৱাশিস শৰ্মাক জয়যুক্ত কৰিবলৈ আহ্বান জনাই দিলীপ শইকীয়াই কয়- এইবাৰ নগাঁৱৰ ৰাইজে পৰিৱৰ্তন অনাৰ বাবে সাজু হৈছে। কিয়নো বিজেপি মানেই হৈছে উন্নয়ন, জনসেৱা আৰু দৰিদ্ৰ-পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে কাম কৰা সমর্পিত ৰাজনৈতিক দল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিগত ১৩ বছৰে ২৫ কোটি জনতাক দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰা মুক্ত কৰি তেওঁলোকৰ জীৱনত নতুন আশা, নতুন পোহৰ বিয়পাবলৈ সক্ষম হৈছে। আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমক উন্নত, বিকাশমুখী অসম হিচাপে গঢ়িবলৈ দিন-ৰাতি একাকাৰ কৰিছে। আত্মনিৰ্ভৰ অসম, বিকশিত অসম, অগ্রগামী অসম- এই নীতিৰে মুখ্যমন্ত্রী ড° শর্মাই বিগত ৬টা বছৰত সকলোকে লগত লৈ, সকলোৰে বিকাশৰ ৰাজনীতি কৰিছে। বিজয় সংকল্প সমাৰোহত ভাষণ দি মিত্ৰদল অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই তেওঁৰ ভাষণত কয়- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নগাঁও লোকসভা সমষ্টিৰ সমউন্নয়নৰ স্বাৰ্থত বিশেষকৈ চামগুৰি, ৰূপহী, ধিং আৰু লাহৰীঘাট সমষ্টিৰ ৰাইজে দেৱাশিস শৰ্মাক নির্বাচিত কৰিব। ৰাইজে নিজৰ স্বাৰ্থত দেৱাশিস শৰ্মাক বিপুল ভোটত জয়লাভ কৰালে এই সমষ্টিকেইটাৰো সমউন্নয়ন হ’ব। দলৰ প্ৰাৰ্থী দেৱাশিস শর্মাই মনোনয়ন দাখিলৰ সময়ত তেওঁক সংগ দিয়ে সভাপতি দিলীপ শইকীয়া, মন্ত্রী পীযূষ হাজৰিকা, কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, শশীকান্ত দাস, ৰমাকান্ত দেউৰী, প্রদ্যুৎ বৰদলৈকে ধৰি কেইবাজনো নেতাই। দলীয় প্রার্থীগৰাকীক ঢোলে-দগৰে, জনগোষ্ঠীয় নাচ-গীত পৰিৱেশন কৰি বিশাল সমদলৰ যাত্ৰাৰে ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে।

ইফালে কংগ্ৰেছ প্রার্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্রেছ কার্যালয়ৰ পৰা সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইন, প্রাক্তন সাংসদ ৰিপুণ বৰা, দলৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ লগতে কেইবাগৰাকীও বিধায়ক আৰু দলীয় সমর্থকক লগত লৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ অন্তত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে কংগ্রেছে সদায় মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দি আহিছে। সেয়েহে নগাঁও সংসদীয় সমষ্টিৰ উপ-নির্বাচনত এগৰাকী মহিলা প্রার্থীক প্রার্থিত্ব দিছে। গৌৰৱ গগৈৰ মন্তব্য- আমাৰ যুঁজ চৰকাৰৰ লগতহে হ’ব। এই চৰকাৰে যে ভাল কাম কৰা নাই, সেয়া সমগ্র দেশতেই চর্চা চলিছে। চৰকাৰে ভাল কাম নকৰাৰ বাবে কেন্দ্রীয় শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিবলগা হ’ল।

আনহাতে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলেও দলীয় নেতা-সমর্থকক লগত লৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ পাছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত আজমলৰ মন্তব্য- এইবাৰ ফলাফল এআইইউডিএফৰ সপক্ষে হ’ব। বিজেপিয়ে এইবাৰ উপ-নির্বাচনত দেৱাশিস শৰ্মাৰ লগতে শিৱামণি বৰাকো প্রার্থিত্ব দিছে। কিয়নো কংগ্রেছ এতিয়া বিজেপিৰ বি টীম হৈ আছে। মনোনয়ন দাখিলৰ সময়তে বদৰুদ্দিন আজমলৰ ব্যক্তিগত সহায়কৰ পৰা তেওঁৰ ম’বাইল চোৰে চুৰি কৰি লৈ যায়। লাখটকীয়া ফোন চুৰি হোৱাৰ পাছত এক প্ৰকাৰ অস্বস্তিত পৰা আজমলে বিষয়টো সম্পর্কত নগাঁও প্ৰশাসনক অৱগত কৰে। ইফালে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল চালাম, বাঘসেনাৰ হৈ ইউনুছ তামুলী, চিপিআইৰ ইনামুল হুদাৰ লগতে নির্দলীয় প্রার্থী ৰূপে ফারুক খান, মণিৰুল হুছেইন, মোস্তাকিন আলম, ছাবিনা ইয়াছমিন, ছাইফুৰ ৰহমান, শ্বাহ আলম, প্ৰণৱ কৌশিক, শ্বেইখ কৰিমুদ্দিনেও মনোনয়ন দাখিল কৰে।
