৫ লাখ যুৱক-যুৱতীক আত্মনিৰ্ভৰ অসম অভিযানত অন্তৰ্ভূক্ত কৰাৰ পৰিকল্পনাঃমুখ্যমন্ত্ৰী

৫ লাখ যুৱক-যুৱতীক আত্মনিৰ্ভৰ অসম অভিযানত অন্তৰ্ভূক্ত কৰাৰ পৰিকল্পনাঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰৰ পৰা মাহজুৰি  চলিবলগীয়া ‘সেৱা সংকল্প অভিযান’ৰ প্ৰথমটো কার্যসূচী হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ উদ্যমী যুৱক-যুৱতীক আত্মনিৰ্ভৰ অসম অভিযানৰ অন্তৰ্গত আর্থিক সাহায্য প্রদান কৰে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত এই অনুষ্ঠানত আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পর্যায়ত নির্বাচিত ৯,৫৭৮ গৰাকী যুৱক-যুৱতীক দ্বিতীয় কিস্তিৰ ধনৰাশি আৰু অভিযানৰ দ্বিতীয় পর্যায়ত নির্বাচিত যুৱক-যুৱতীসকলৰ ৭২,৬৪১ গৰাকীক প্ৰথম কিস্তিৰ দ্বিতীয় অংশৰ ধনৰাশি সামৰি সৰ্বমুঠ ২৭৮ কোটি টকাৰ আৰ্থিক সাহায্য ডিবিটিযোগে বিতৰণ কৰা হয়। উল্লেখ্য যে মুখ্যমন্ত্রী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰথমটো কার্যকালত ২০২৩ চনৰ ২৩ ছেপ্টেম্বৰত শুভাৰম্ভ হোৱা আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পর্যায়ত মুঠ ২৫,২৭৭গৰাকী নির্বাচিত যুৱক-যুৱতীলৈ আর্থিক সাহায্য আগবঢ়োৱা হৈছিল। প্ৰথম পৰ্যায়ৰ সাধাৰণ শিক্ষাগত অর্হতাসম্পন্ন প্ৰতিগৰাকী যুৱক-যুৱতীয়ে ১ লাখ টকাকে লাভ কৰাৰ বিপৰীতে বৃত্তিগত ডিগ্রীধাৰীসকলক তেওঁলোকে জমা কৰা প্রকল্প প্রতিবেদনৰ ভিত্তিত পুঁজি আগবঢ়োৱা হৈছিল। পৰৱৰ্তী সময়ত প্রথম পৰ্যায়ত পুঁজি লাভ কৰা যুৱক-যুৱতীসকলৰ কাম-কাজৰ মূল্যায়ন কৰি তাৰে ১২,৯৭৬ গৰাকীক দ্বিতীয় কিস্তিৰ ধনৰাশি প্ৰদান কৰা হৈছিল যোৱা ১১ মার্চত। প্রথম পর্যায়ত সাহায্য লাভ কৰা যুৱক-যুৱতীসকলৰ বাকী থকা ১২,৩০১ গৰাকীৰ মূল্যায়ন সম্পন্ন কৰি আজি মূল্যায়নৰ ফলাফলৰ ভিত্তিত তাৰে ৯,৫৭৮ গৰাকীক দ্বিতীয় কিস্তিব ধনৰাশি প্ৰদান কৰা হৈছে। আনহাতে, ২০২৪ চনৰ ১৮ অক্টোবৰত আৰম্ভ হোৱা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ৰ অধীনত ৭৪,৩৫০ গৰাকী উদ্যমী যুৱক-যুৱতী আৰু ৩৪৪ গৰাকী অ’বিবি শিক্ষকক আগবঢ়োৱা এককালীন সাহায্য সামৰি সৰ্বমুঠ ৭৪,৬৯৪ গৰাকীলৈ আর্থিক সাহায্য আগবঢ়োৱা হৈছিল। বৃহস্পতিবাৰে এই অভিযানৰ দ্বিতীয় পর্যায়ত যিসকল যুৱক-যুৱতী নির্বাচিত হৈছিল তাৰে সাধাৰণ শিক্ষাগত অৰ্হতাৰ ৭২,৪৪৭ গৰাকীক প্রথম কিস্তিৰ দ্বিতীয় অংশ হিচাপে পাবলগীয়া ২৫ হাজাৰকৈ টকা আৰু বৃত্তিগত ডিগ্রীধাৰীসকলক ৫০ হাজাৰকৈ টকা সামৰি সৰ্বমুঠ ১৮২ কোটিৰো অধিক টকা বিতৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰী তথা পৰৱৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰীৰূপে নিৰৱচ্ছিন্ন ২৫ বছৰীয়া জনসেৱাৰ যাত্ৰা উদ্যাপনৰ অংশ হিচাপে প্রথমটো কাৰ্যসূচী আত্মনিৰ্ভৰ অসম অভিযানৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।  এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই সৃষ্টিশীলতা, কাৰিকৰী দক্ষতা আৰু পৰিশ্ৰমেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ যাত্ৰাত সক্রিয় অংশীদাৰ হ’বলৈ ৰাজ্যৰ যুৱক-যুৱতীসকলক আহ্বান জনায়। তেওঁ কয় যে যুৱপ্ৰজন্মক স্বাৱলম্বী কৰাৰ পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছে। কিন্তু অভিযানৰ জৰিয়তে আগবঢ়োৱা ধনৰাশিৰ সদ্ব্যৱহাৰেৰে যুৱক-যুৱতীসকলে নিজকে সফলভাবে গঢ়ি তোলাৰ ওপৰতহে চৰকাৰৰ এই প্ৰচেষ্টাৰ সফলতা নিৰ্ভৰ কৰিব। মুখ্যমন্ত্রীয়ে মন্তব্য কৰে যে বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমত উদ্যোগ স্থাপন কৰি কৰ্মসংস্থাপনৰ পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্য লৈছে। অসমৰ যুৱপ্ৰজন্মই ৰাজ্যত স্থাপন হোৱা উদ্যোগসমূহলৈ কেঁচামাল যোগান ধৰিবলৈ শিকিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয় যে নলবাৰীত অলপতে শুভাৰম্ভ হোৱা পেচিকোৰ উদ্যোগটোক বছৰি ৭০ হাজাৰ মেট্রিকটন পর্যন্ত আলুৰ প্ৰয়োজন হ’ব। এই পৰিমাণৰ আলু উৎপাদনৰ বাবে প্রায় ৫ হাজাৰ কৃষকৰ প্ৰয়োজন। অসমৰ কৃষকে যদি উদ্যোগটোৰ বাবে প্রয়োজন হোৱা আলু উৎপাদনত গুৰুত্ব আৰোপ নকৰে, তেনেহ’লে এই আলু বাহিৰৰ পৰা আমদানি কৰিবলগা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰত গাখীৰ, কণী, চাউল আদিৰ ব্যাপক চাহিদা থকা সত্ত্বেও এনে সামগ্ৰীসমূহৰ সিংহভাগ বাহিৰৰ পৰা আমদানি কৰিবলগা হয়। ইয়াৰ উদাহৰণ হিচাপে মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰে যে অসমত দৈনিক চাহিদাৰ ২০ লাখ লিটাৰ গাখীৰৰ বিপৰীতে মাত্র ২ লাখ লিটাৰ গাখীৰহে উৎপাদন হয়। তেনেদৰে প্রায় ৬০ লাখ কণীৰ দৈনিক চাহিদাৰ বিপৰীতে ৰাজ্যখনত ফাৰ্মৰ জৰিয়তে ৬ লাখ কণীহে উৎপাদন হয়। মুখ্যমন্ত্রীয়ে কয় যে অসমৰ দৰে ৰাজ্য এখনে এনেদৰে সদায় পৰনিৰ্ভৰশীল হৈ থাকিব নোৱাৰে। ৰাজ্যৰ যুৱপ্ৰজন্মই এনে ক্ষেত্ৰসমূহত জড়িত হৈ পৰিলে অসমে আত্মনিৰ্ভৰশীলতাৰ পথত সবলভাবে খোজ দিবলৈ সক্ষম হ’ব। তেওঁ কয় যে কৃষি, উদ্যানশস্য, পশুপালন আৰু ক্ষুদ্র উদ্যোগৰ সৈতে যদি নৱপ্ৰজন্ম জড়িত হৈ পৰে তেন্তে তেওঁলোকে নিজে আর্থিকভাবে স্বনিৰ্ভৰশীল হোৱাৰ লগতে অসমেও বহিঃৰাজ্যৰ পৰা বহুকেইবিধ সামগ্রী আমদানি কৰাৰ প্ৰয়োজন নাথাকিব। ভাষণত মুখ্যমন্ত্রীয়ে খাদ্য সংসাধন কৰি মূল্য সংযোজনৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ৰাজ্যৰ কৃষকে তেতিয়াহে উৎপাদিত সামগ্ৰীৰ অধিক মূল্য লাভ কৰিবলৈ সক্ষম হ’ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰশীল ভাৰত ২০৪৭’ দৰ্শনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্ৰীৰ এই সপোনকে আগুৱাই লৈ গৈ ৰাজ্য চৰকাৰেও ২০৪৭ চনত আত্মনিৰ্ভৰশীল অসম গঢ়াৰ প্রয়াসেৰে আগবাঢ়িছে। মুখ্যমন্ত্রী ড° শর্মাই কয়- ‘আমি কেৱল মুখ্যমন্ত্রী বা মন্ত্রী হ’বলৈ শাসনলৈ অহা নাই। অসমক দেশৰ ভিতৰতে এখন অন্যতম শ্রেষ্ঠ ৰাজ্য হিচাপে প্রতিষ্ঠা কৰাই আমাৰ লক্ষ্য। এই দিশত অসমৰ যুৱক-যুৱতীসকলে সহায়ৰ হাত আগবঢ়াব পাৰে। তেওঁলোকক সহায়ৰ বাবে আমি সদায়ে আছোঁ। পৰিশ্ৰম, ত্যাগ আৰু ইতিবাচক মানসিকতাৰে আমাৰ যুৱপ্ৰজন্ম আগুৱাই যাওঁক।’ ভাষণত মুখ্যমন্ত্রীয়ে লগতে মন্তব্য কৰে যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দৰে পূৰ্বৰ কোনো চৰকাৰে মূলতঃ যুৱ সমাজৰ বাবে বৃহৎ আঁচনি গ্রহণ কৰাৰ উদাহৰণ নাই। তেওঁ সদৰী কৰে যে মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্য চৰকাৰে বৰ্তমানলৈকে ১ লাখ যুৱক-যুৱতীক স্বাৱলম্বিতাৰ দিশত সহায়ৰ হাত আগবঢ়াবলৈ সক্ষম হৈছে। চলিত বৰ্ষত নতুনকৈ ৫০ হাজাৰ যুৱক-যুৱতীক এই অভিযানৰ জৰিয়তে সামৰি লোৱা হ’ব আৰু ইয়াৰ বাবে আৱেদন প্রক্রিয়া শীঘ্ৰেই আৰম্ভ হ’ব। বৰ্তমানৰ ৰাজ্য চৰকাৰে এইদৰে ৰাজ্যৰ ৫ লাখ যুৱক-যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত অন্তৰ্ভূক্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে অসমৰ যুৱপ্ৰজন্মৰ বিভিন্ন কল্যাণকামী আঁচনি ৰূপায়ণৰ বাবে গঠন কৰা যুৱ কল্যাণ আৰু সবলীকৰণ বিভাগৰ কাম-কাজ আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা বুলি ঘোষণা কৰে।  এই অনুষ্ঠানত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, সাংসদ বিজুলী কলিতা মেধি, তেৰছ গোৱালা, বিধায়ক দিগন্ত কলিতা, প্রদ্যুৎ বৰদলৈ, দিল্লুৰঞ্জন শৰ্মা, প্রকাশ চন্দ্র দাস, বিজয় গুপ্তা, হিমাংশু শেখৰ বৈশ্যৰ উপৰি মুখ্য সচিব ড° ৰবি কোটাকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।