নগাওঁ আদালতৰ ঐতিহাসিক ৰায়দান
ৰঙিলী বাৰ্ত্তাসেৱা- বিগত তিনি মাহৰ কাৰ্যকালত নগাওঁ আদালতৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ শ্ৰীবংকীম শৰ্মা আদালতে হত্যা আৰু অপহৰণকে ধৰি কেইবাটাও গোচৰত অভিযুক্ত সমুহক যাৱজ্জীৱন কাৰাদণ্ড আৰু ৭ বছৰৰ কাৰাদণ্ডেৰে দণ্ডিত কৰিছে । প্ৰাপ্ত বাতৰি অনুসৰি সৰ্বমুঠ ১০ টা গোচৰ যেনে- নগাওঁ থানাৰ গোচৰ নম্বৰ- ১৬৭১/২০২০, ২০৪১/২০২১, ৫৮৩/২০১৫, ৰহা থানাৰ গোচৰ নম্বৰ- ১৮৭/২০২৬, ১৫৪/২০১৬, কচুৱা থানাৰ গোচৰ নম্বৰ- ২৯/২০১৫, ২৭৮/২০১৫, ১৫৫/২০২২, বতদ্ৰৱা থানাৰ গোচৰ নম্বৰ- ১৩১/২০১৬ আৰু ধিং থানাৰ গোচৰ নম্বৰ- ১১৩/২০১৪ ৰ মুঠ ১৫ জন দোষীক কাৰাদণ্ড বিহে । ইয়াৰে ৭ টা গোচৰত যাৱজ্জীৱন কাৰাদণ্ড আৰু ৩ টা গোচৰত ৫ বছৰৰ আৰু ৭ বছৰতকৈ কাৰাদণ্ড বিহে । উক্ত গোচৰসমূহৰ খৰটকীয়া বিচাৰ সম্পন্ন কৰি দোষী অপৰাধীসমূহক আজীৱন কাৰাবাসৰ ৰায়দান কৰি এক নজিৰবিহীন কাৰ্য সম্পন্ন কৰে। ন্যায়পালিকাৰ এই ভূমিকাই নিশ্চিতভাৱে অপৰাধী ব্যক্তিসমূহক ভয় ভীত কৰিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে। মাননীয় আদালতৰ পদক্ষেপে নিশ্চিতভাৱে নগাওঁ বাসীৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আৰু অধিক বিশ্বাস জন্মাই তুলিছে ।
